স্বাস্থ্যৰ অৱনতি: কৰ’না আক্ৰান্ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনক ICU লৈ প্ৰেৰণ

0_Coronavirus

বিগত সপ্তাহত কৰ’না পজিটিভ ধৰা পৰা ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁক বৰ্তমান ইন্টেনচিভ কেয়াৰ য়ুনিট (ICU)ত ভৰ্তি কৰোৱা হৈছে।

কৰ’না পজিটিভ ধৰা পৰৰ পাছত যোৱা ২৭ মাৰ্চত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে স্বেচ্ছাই আইছ’লেশ্যনত গৈছিল। কিন্তু দেওবাৰে নিশা তেওঁক ছেন্ট থমাছ হাস্পাতলত ভৰ্তি কৰোৱা হয়।

কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে সোমবাৰে সন্ধিয়া তেওঁক আই চি য়ুলৈ প্ৰেৰণ কৰা হয়।

ডাউনিং ষ্ট্ৰীটৰ মুখপাত্ৰই কয়,’’সোমবাৰে দুপৰীয়া প্ৰধান মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁৰ চিকিৎসক দলৰ পৰামৰ্শ অনুসৰি তেওঁক হাস্পাতলখনৰ আই চি য়ুলৈ লৈ যোৱা হয়।‘’

জানিব পৰা মতে, প্ৰধান মন্ত্ৰী বৰিছ জনছন সোমবাৰে ৰাতিপুৱালৈকে ঠিকেই আছিল। দুপৰীয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু সন্ধিয়া ৬বজাত তেওঁক আই চি য়ুত ভৰ্তি কৰোৱা হয়।

ইপিনে, বৰিছ জনছন হাস্পাতলত ভৰ্তি হোৱাৰ পূৰ্বে প্ৰধান মন্ত্ৰী পদৰ সকলো দায়িত্ব চম্ভালি আছিল যদিও পাছত তেওঁ বিদেশ মন্ত্ৰী ডমিনিক ৰাৱক ইয়াৰ চোৱাচিতাৰ দায়িত্ব দিয়ে।

উল্লেখযোগ্য যে বৰকিছ জনছনৰ বাকদত্তা কেৰী ছাইমণ্ডছেও কৰ’না ভাইৰাছৰ দৰে লক্ষণ অনুভৱ কৰিছে। অৱশ্যে, ছাইমণ্ডছে কয় যে তেওঁৰ পৰীক্ষা কৰা হোৱা নাই আৰু তেওঁ এসপ্তাহৰ পৰা বিশ্ৰামত আছে।

যোৱা সপ্তাহত প্ৰধান মন্ত্ৰী জনছনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ পোৱাৰ পাছৰে পৰা ছাইমণ্ডছ সুকীয়াকৈ থাকিবলৈ লয়।