অৱশেষত গ্ৰেপ্তাৰ হ’ল নিজ কন্যাক নিৰ্যাতন চলোৱা গুৱাহাটীৰ এখন আগশাৰীৰ কলেজৰ অধ্যক্ষ

index.jpg

নিজ কন্যাৰ ওপৰত শাৰীৰিক, মানসিক আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আশুতোষ কুণ্ডুক।

ইতিমধ্যে পিতৃৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কন্যাগৰাকীয়ে পাণবজাৰ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪/৩৫২/৫০৬/২৯৪/৩৭৬ ধাৰাৰ অধীনত ১৮৫/২০ নম্বৰৰ গোচৰ ৰুজু কৰি অভিযুক্ত অধ্যক্ষগৰাকীক দেওবাৰে নিশাই ৰিহাবাৰী নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

লগতে পঢ়ক  গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষ পিতৃৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ কন্যাৰ

নিজ কন্যাই অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা গুৱাহাটী এৰি পলায়ন কৰিছিল আশুতোষ কুণ্ডুৱে।

ইফালে অভিযোগ উত্থাপনৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক নিলম্বনৰ দাবী উত্থাপন কৰিছিল মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে।

অধ্যক্ষগৰাকীৰ কন্যাৰ মতে ২০১৪ চনৰ পৰাই পিতৃয়ে তেওঁক নিৰ্যাতন চলাই আহিছে। যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চাপিলে হত্যাৰ ভাবুকি প্ৰদান কৰাৰো অভিযোগ কৰিছিল যুৱতীগৰাকীয়ে।

ইয়াৰ সমান্তৰালভাৱে যুৱতীগৰাকীয়ে নিজ মাতৃৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল।

পিতৃৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱা অতি বিস্ফোৰক অভিযোগও উত্থাপন কৰিছিল গ্ৰেপ্তাৰ হোৱা অধ্যক্ষগৰাকীৰ কনাই।