NORTHEAST NOW (Assamese)

সীমান্ত অতিক্ৰমি ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰা ছয় গৰাকী পাকিস্তানী যুৱকক নিজ দেশলৈ ঘুৰাই পঠালে বি এছ এফে

January 10, 2021 4:44 pm · এন ই নাও নিউজ

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে শনিবাৰে এল অ’ চি অতিক্ৰম কৰি অহা ছয়গৰাকী পাকিস্তানী যুৱকক নিজ দেশলৈ ঘুৰাই পঠায়।

ছয়োগৰাকী পাকিস্তানী যুৱকক ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্ত অতিক্ৰমি ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়ত আটক কৰিছিল।

অমৃতসৰৰ পুল মৰান সীমান্তৰে ভুল বশত ভাৰত ভূমিত প্ৰৱেশ কৰাৰ সময়ত পাকিস্তানী যুৱক কেইগৰাকীক ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ তহলদাৰী দলে আটক কৰিছিল।

আটক হোৱা ছয়োগৰাকী পাকিস্তানী যুৱকে পাকিস্তানৰ সীমান্ত অঞ্চলত থকা এখন বিদ্যালয়ত ৰঙৰ কাম কৰি আছিল।

সন্ধিয়া ৰঙৰ কাম কৰি উঠি খোজ কাঢ়িবলৈ অহাৰ সময়ত ভুলবশত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰে আৰু ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ হাতত আটক হয়।

পৰৱৰ্তী সময়ত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে যুৱক কেইগৰাকীক সোধ-পোছ কৰে আৰু পাকিস্তানৰ সৈতে যোগাযোগ কৰি তেওঁলোকক নিজ দেশলৈ ওভতাই পঠায়।

Related News