এনডিএফবিৰ নেতা ধীৰেণ বড়োক উভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

BTR

বুধবাৰে বাক্সা জিলাৰ তামুলপুৰত এনডিএফবিৰ চাৰিটাকৈ গোটৰ এখন অভিৱর্তন অনুষ্ঠিত হয়।

এই অভিৱর্তনত অংশ গ্ৰহণ কৰি এনডিএফবি নেতা ধীৰেণ বড়োৱে বিটিআৰ চুক্তি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

ধীৰেণ বড়োৱে বুধবাৰে তামুলপুৰত অভিযোগ কৰি কৈছিল যে বিটিআৰ চুক্তিখন কৌশলগতভাৱে স্বাক্ষৰ কৰা হৈছিল আৰু এনডিএফবিৰ গোটসমূহক একলগ কৰাই আলোচনা কৰা হোৱা নাছিল যাৰ বাবে চুক্তিত বহু দিশ আৰু দাবী সন্নিবিষ্ট নহ’ল।

এই চুক্তিয়ে মূলসুঁতিলৈ ঘূৰি অহা এনডিএফবি কেডাৰসকলৰ সমস্যাৰ উপৰিও বিটিআৰবাসীৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলিও ধীৰেণ বড়োৱে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

ধীৰেণ বড়োৰ এই অভিযোগৰ পিছতে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ধীৰেণ বড়োক উভতি ধৰিছে।

ধীৰণে বড়োক ওভতি ধৰি বিটিচি প্ৰধানগৰাকীয়ে কয়, ‘এনডিএফবিৰ যিসকলে বিটিআৰ চুক্তিত স্বাক্ষৰ কৰিছে আৰু সেইসকলে যদি বিটিআৰ চুক্তিখন পুণৰীক্ষণ কৰিব লাগে বুলি কয় তেন্তে তেওঁলোক আচলতে হাঁহিয়াতৰ পাত্ৰ। তেওঁলোকৰ কথা হৃদয়ৰ ভাষা নহয়, এয়া ৰাজনৈতিক চক্ৰান্তৰ ভাষাহে।’

‘আজি এই চুক্তিখন ৰাজনীতিকৰণ কৰিব নালাগে। এই চুক্তিখন বিটিআৰ অঞ্চলৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে আৰু বড়ো জনগোষ্ঠীৰ বৰ্তমান আৰু ভবিষ্যতটো ভালকৈ চলাই নিয়াৰ কাৰণে এই চুক্তি কৰা হৈছে।’ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে লগতে কয়।

যদি চুক্তিখন কৰাৰ সময়ত এনডিএফবি গোট কেইটাক আলোচনাৰ মেজত একেলগে বহুওৱা হোৱা নাছিল তেন্তে তেওঁলোকে স্বাক্ষৰ কৰিব নালাগিছিল। কাকো হাতত শিকলি বান্ধি স্বাক্ষৰ কৰিব দিয়া হোৱা নাছিল বুলি আক্ৰমণাত্মক মন্তব্য কৰে প্ৰমোদ বড়োৱে।

চুক্তিৰ পিছত এনডিএফবিৰ কেডাৰসকলে পৰিয়ালৰ সৈতে থাকিব পৰা হ’ল। এনডিএফবিৰ কেডাৰসকল পৰিয়ালৰ সৈতে থকাটো আজি ধীৰেণ বড়োই ভাল নাপায় বুলিও কটাক্ষ কৰে প্ৰমোদ বড়োৱে।

‘ধীৰেণ বড়োই বিচাৰিছে এনডিএফবিৰ কেডাৰসকলৰ মৃত্যু হওক।’ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ দাবী।

ধীৰেণ বড়োৰ কথাই সমাজত প্ৰভাৱ পেলাৱ নোৱাৰে বুলি মন্তব্য কৰি বিটিচি প্ৰধান প্ৰমোদ বড়োৱে এনডিএফবিৰ কেডাৰসকলক সংস্থাপনৰ বাবে বিটিআৰ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে সদৰী কৰে। কেন্দ্ৰীয় চৰকাৰে চাৰি লাখকৈ টকা দিছে আৰু অসম চৰকাৰেও দুই লাখকৈ টকা সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে বুলি প্ৰমোদ বড়োৱে কয়।