‘কিয় হত্যা কৰা হৈছিল ১৫০ জন লোকক’? তামুলপুৰত বিটিচি প্ৰধান প্ৰমোদ বড়োই জবাবদিহি কৰিলে ইমানুৱেলক

তামুলপুৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই ঘটালে ক্ষোভৰ উদগীৰণ।

বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে তামুলপুৰত বিজেপিৰ টিকট বঞ্চিত নেতা ইমানুৱেল মোছাহাৰীক তীব্ৰ বাক্যবাণেৰে থকাসৰকা কৰে।

বড়োৱে কয়—’যেতিয়া হাগ্ৰামাৰ দলে বিভিন্ন হত্যা হিংসাত লিপ্ত হৈছিল তেতিয়া ইমানুৱেল মোছাহাৰী বিপিএফৰ সাধাৰণ সম্পাদক হৈ আছিল। কুমাৰীকাটাত শান্তি সমিতিৰ মানুহক হত্যা কৰা হৈছিল । ইয়াৰ জবাব দিয়ক ইমানুৱেল মোছাহাৰীয়ে। কিয় ১৫০ জন মানুহক তেওঁলোকৰ দিনত হত্যা কৰা হৈছিল, ইয়াৰ জবাব ইমানুৱেল মোছাহাৰীয়ে দিব লাগিব’।

ইমানুৱেল মোছাহাৰীয়ে দলৰ সিদ্ধান্তক সন্মান জনাব লাগিছিল বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে।

প্ৰমোদ বড়োৱে সংবাদৰ আগত কয় যে কেইবাগৰাকী কেবিনেট মন্ত্ৰী, অগপ, জিএছপি নেতা কৰ্মীয়ে তামুলপুৰ আৰু গোঁসাইগাঁওত আজি মিত্ৰ জোঁটৰ প্ৰাৰ্থীৰ মনোনয়নত সংগ দিব।