সোমবাৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰি জিলাৰ কলাইগাঁৱত নৱনিৰ্মিত মডেল হস্পিতালখন ৰাইজৰ বাবে মুকলি কৰে। ২০১৪ চনতে আধাৰশিলা স্থাপন কৰা এই হস্পিতালখন অৱশেষত প্ৰায় ৪ বছৰৰ মূৰত কালি মুকলি হোৱাত স্থানীয় ৰাইজ আনন্দিত হোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে এই হস্পিতালখনে জিলাখনৰ স্বাস্থ্যখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিব। বৃহত্তৰ কলাইগাঁও অঞ্চলৰ লগতে চুবুৰীয়া দৰং জিলাৰ লোকসকলো এই চিকিৎসালয়খনৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ’ব।
হস্পিতালখন মুকলি কৰি বিটিচি প্ৰধান মহিলাৰীয়ে ভাষণ প্ৰসংগত কয় যে ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। তাৰোপৰি হস্পিতালখন নিৰ্মাণৰ বাবে ভূমি দান দিয়া প্ৰগতিশীল মঞ্চ আৰু এই হস্পিতালখন স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা তেতিয়াৰ অগপ বিধায়ক মুকুন্দ ৰাম চোধুৰীকো ধন্যবাদ জ্ঞাপন কৰে।
বিটিচি কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে সভাপতিত্ব কৰা অনুষ্ঠানত ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, জিলা স্বাস্থ্য সঞ্চালক ডাঃ তায়েবুৰ ৰহমান, বিধায়ক মহেশ্বৰ বড়ো, প্ৰাক্তন বিধায়ক মুকুন্দ ৰাম চোধুৰী, সমাজকৰ্মী মহেন্দ্ৰ শইকীয়াৰ উপৰি বিটিচিৰ বিভিন্ন নেতা-কৰ্মীৰ লগতে স্থানীয় লোকৰ উপস্থিতিত কালি কলাইগাঁও মডেল হস্পিতালখন ৰাইজৰ বাবে মুকলি কৰা হয়।