বিটিচি নিৰ্বাচন; কাইলৈ অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ কাৰ্য শনিবাৰে বিয়লি অন্ত পৰিব। বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ওদালগুৰিৰ ১০টা সমষ্টি আৰু বাক্সা জিলাৰ ১১টা সমষ্টিত হ’ব।

ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰ আৰু চিৰাং জিলাত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে এইবাৰৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ, বিজেপি, য়ুপিপিএল, গণ সুৰক্ষা পাৰ্টী, কংগ্ৰেছ, এআইয়ুডিএফ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে ভোটৰক আকৰ্ষিত কৰাৰ বাবে তীব্ৰ ৰূপত চলাই আছে প্ৰচাৰ।

য়ুপিপিএলে গোটেই কেইটা সমষ্টিত অৰ্থাৎ ৪০টা সমষ্টিত, বিপিএফে ৩৭টা সমষ্টিত, গণ সুৰক্ষা পাৰ্টীয়ে ৩৫টা, বিজেপিয়ে ২৬টা, কংগ্ৰেছে ১৩টা আৰু এআইয়ুডিএফে ৭টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৰাতিপুৱা ৭.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।

ইফালে গোটেই কেইটা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ১২ ডিচেম্বৰত।

উল্লেখ্য যে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি কৈছে যে বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ৯০ শতাংশ আসন গেৰুৱা দলৰ দখললৈ আহিব।