• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভালৈ হাগ্ৰামা মহিলাৰী! ভিত্তিহীন আখ্যা প্ৰমোদ বড়োৰ

প্ৰমোদ বড়োৰ মতে ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ অহাটো সকলোৱে বিচাৰে

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
January 30, 2022 7:00 am
Pramod Boro in Kokrajhar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপিএফৰ সৈতে বিধানসভাৰ মজিয়াৰ ভিতৰত বিজেপিৰ মিত্ৰতা হোৱাৰ পিছতে ৰাজনৈতিক পট পৰিবৰ্তনৰ ইংগিত প্ৰায় স্পষ্ট হৈ পৰিছে। মিত্ৰতাৰ পিছতে বড়ো জনগোষ্ঠীৰ পৰা এগৰাকী ব্যক্তিক ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰি নতুন দিল্লীলৈ পঠোৱাৰ কুচকাৱাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

সমগ্ৰ বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব যদিও এইক্ষেত্ৰত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক ৰাজ্যসভাৰ সাংসদ হিচাপে পঠাই বিজেপিয়ে নিজৰ পথ নিষ্কণ্টক কৰিব বিচাৰিছে বুলিও চৰ্চা হৈছে।

এনে এক সন্ধিক্ষণৰ মাজতে শনিবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হব বুলি ওলোৱা বাতৰিৰ কোনো বাস্তৱ ভিত্তি নাই বুলি মন্তব্য কৰিছে।

লগতে পঢ়ক: ৰাজ্যত আজি নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত বিটিআৰৰ স্বাস্থ্য বিভাগৰ এক পৰ্যালোচনা সভাত উপস্থিত থাকি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰি কয় যে পূৰ্বৰে পৰা বড়ো সম্প্ৰদায়ৰ পৰাই পাই আহিছে আৰু আমি বিচাৰো বড়ো সম্প্ৰদায়ৰ পৰা এজনে এইবাৰো ৰাজ্যসভাত নেৰ্তৃত্ব পাব লাগে।

বিটিআৰ অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা এজন থাকিব লাগে আৰু সেয়া সকলোৱে বিচাৰে বুলি মন্তব্য কৰি বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত সঘনে আলোচনা কৰি থকা হৈছে বুলি সদৰী কৰে প্ৰমোদ বড়োৱে।

বড়ো সম্প্ৰদায়ৰ পৰা ৰাজ্যসভালৈ প্ৰতিনিধি পঠোৱা সন্দৰ্ভত চলি থকা আলোচনা – বিলোচনা-সিদ্ধান্তক আদৰণি জনাই তাৰ বাবে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

আনহাতে, এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ অহাটো সকলোৱে বিচাৰে বুলি উল্লেখ কৰি বড়োৱে কয় যে যিহেতু বিষয়টো আইনগত আৰু সেয়েহে আইনী পন্থাৰে গোচৰ নিষ্পত্তি কৰাৰ বাবে পুলিচ প্ৰশাসন আৰু আইন বিভাগৰ সতে কথা বতৰা চলি আছে।

লগতে পঢ়ক: Pegasus: ফোনত চোৰাংচোৱাগিৰি কৰাৰ বাবে ইজৰাইলৰ পৰা পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰিছিল মোদী চৰকাৰে!

বড়োলেণ্ডৰ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যথেষ্টখিনি কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ নেৰ্তৃত্বতে ৰঞ্জন দৈমাৰী মুকলি হোৱাৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা পথ ওলাব বুলি আশা ব্যক্ত কৰিছে প্ৰমোদ বড়োৱে ।

ইপিনে বিটিআৰৰ চাৰিও জিলাৰ স্বাস্থ্যবিভাগৰ বিষয়াবৰ্গক লৈ বডোলেণ্ড অতিথিশালাৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত ২০২২ চনৰ পৰা বিটিআৰ এলেকাত থকা হস্পিতালসমুহ ঠিক হব বুলি মন্তব্য কৰি দুখীয়া শ্ৰেণীৰ লোকসকলেও উপযুক্ত চিকিৎসা পাব বুলি সদৰী কৰে।

তদুপৰি, তেওঁ জনায় যে হেল্থ মনিটৰিং কমিটিও গঠন কৰা হব আৰু সেই কমিটিয়ে চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি সকলো দিশ পৰ্যবেক্ষণ কৰিব।

উল্লেখ্য যে কোকৰাঝাৰ বড়োলেণ্ড অতিথিশালাত স্বাস্থ্যবিভাগৰ পৰ্যালোচনা সভাৰ পূৰ্বে প্ৰমোদ বড়োৱে ছেৰফাংগুৰীত প্ৰাক্তন এনডিএফবি সকলৰ সৈতেও এক বৈঠকত মিলিত হয়।

জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ অনুষ্ঠিত হোৱা উক্ত সভাত প্ৰাক্তন এনডিএফবি সদস্যসকলৰ সংস্থাপনৰ দিশটো পৰ্যালোচনা কৰা হয়।

লগতে পঢ়ক: চৰকাৰী চাকৰিৰ পদোন্নতিত সংৰক্ষণৰ বিষয়ত হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

যিসকলৰ যোগ্যতা আছে ,বয়স আছে আজি নহয় কাইলৈ তেওঁলোক চাকৰি পাবই বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ সংস্থাপনৰ বাবে জিলাই জিলাই প্ৰশিক্ষণ দিয়াৰ লগতে আন সুবিধা দিয়া হব বুলি মন্তব্য কৰে।

স্বাস্থ্যবিভাগৰ পৰ্যালোচনা সভাত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বিটিআৰৰ পাঁচখন জিলাৰ উপায়ুক্তসকল, বিটিআৰৰ প্ৰধান সচিব , যুটীয়া স্বাস্থ্য সঞ্চালক, এনএইচএমৰ সঞ্চালক আদিকে ধৰি স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd