NORTHEAST NOW (Assamese)

বাজেট ২০২৫-২০২৬ : ৩ বছৰৰ ভিতৰত দেশৰ সকলো চিকিৎসালয়ত স্থাপনৰ কৰা হ’ব কেঞ্চাৰ চেন্টাৰ

February 1, 2025 12:52 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত উত্থাপন কৰিছে ২০২৫-২০২৬ চনৰ সম্পূৰ্ণ বাজেট।

একেৰাহে অষ্টমবাৰৰ বাবে নিৰ্মলা সীতাৰমণে দেশৰ বাজেট দাখিল কৰিছে।

উল্লেখ্য যে নিৰ্মলা সীতাৰমণেই হৈছে ভাৰতৰ একমাত্ৰ মহিলা বিত্তমন্ত্ৰী।

৩ বছৰৰ ভিতৰত দেশৰ সকলো জিলা চিকিৎসালয়ত কেন্সাৰ চেণ্টাৰ স্থাপন কৰা হব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটত উত্থাপনৰ সময়ত এই কথা ঘোষণা।

সমগ্ৰ দেশতে মুঠ ২০০টা কেন্সাৰ চিকিৎসা কেন্দ্ৰ নিৰ্মাণ কৰা হব।

এই কেঞ্চাৰ কেন্দ্ৰ সমূহ স্থাপনৰ পিছত দেশৰ দৰিদ্ৰ লোক সকলে কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ লাভ কৰিব বুলি আশা কৰা হৈছে।

Related News