NORTHEAST NOW (Assamese)

ব্যায়াম কৰা লোকৰ বাবে বাম্পাৰ অফাৰ :: বিনামূল্যে পাব বাছৰ টিকট

December 15, 2022 12:19 pm · এন ই নাও নিউজ, গুৱাহাটী

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে শক্তি সংকটৰ সৃষ্টি হৈছে। ইউৰোপীয় দেশসমূহে এই সংকটৰ বাবেই ইতিমধ্যে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগা হৈছে। গতিকে এই সংকট দূৰ কৰিবলৈ তেওঁলোকে ব্যক্তিগত গাড়ীৰ সলনি ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

আকৌ নাগৰিকৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দেশসমূহে নাগৰিকসকলক ব্যায়াম কৰিবলৈও উৎসাহিত কৰিছে। এই দুই তাল এক কৰি ৰোমানিয়াত এতিয়া বিনামূল্যে দিয়া হৈছে বাছৰ টিকট। ৰোমানিয়াৰ যিসকল নাগৰিকে দৈনিক ব্যায়াম কৰে তেওঁলোকৰ বাবে আগবঢ়োৱা হৈছে বাছৰ ফ্ৰী টিকট।

কৰ্তৃপক্ষৰ ঘোষণা অনুসৰি ৰোমানিয়াত অনুষ্ঠিত হোৱা ক্ৰীড়া উৎসৱৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তৃতীয়বাৰৰ বাবে তেওঁলোকে এই পদক্ষেপ ৰূপায়ণ কৰিছে।

এনে নহয় যে ঘৰতে এই ব্যায়াম কৰিলে বিনামূলীয়া টিকট পোৱা যাব। সেই টিকটটো পাবলৈ হ’লে নিৰ্দিষ্ট বুথলৈ গৈ ব্যায়াম কৰিব লাগিব নাগৰিক সকলে। তেতিয়াহে তাৰ পৰা বিনামূলীয়া টিকট আনিব পাৰিব ব্যায়াম কৰা নাগৰিক সকলে।

 

View this post on Instagram

 

A post shared by Алина Бжолка (@alinabzholkina)

বহুতে এই পদক্ষেপক প্ৰশংসা কৰিছে। এজনে সামাজিক মাধ্যমত লিখিছে, আচলতে ই এক অতি সুন্দৰ পদক্ষেপ। আন এজনে লিখিছে, “এইটো এটা ডাঙৰ পদক্ষেপ।” আন এক তৃতীয়াংশই লিখিছে, ‘ব্যায়াম কৰিলে ধন ৰাহি হয় আৰু একে সময়তে স্বাস্থ্যও ভালে থাকে!”

Related News