• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব’ব মাৰ্লিৰ সতীৰ্থ জামাইকান ‘ৰেগে’ সংগীতৰ কিংবদন্তি বুনী ৱেইলাৰৰ মৃত্যু : শোকস্তব্ধ অনুৰাগী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2021 10:21 am
Bunny Wailer
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব’ব মাৰ্লিৰ সতীৰ্থ জামাইকান কিংবদন্তি সংগীতজ্ঞ বুনী ৱেইলাৰ মৃত্যু হৈছে।

জামাইকাৰ সাংস্কৃতিক মন্ত্ৰী অ’লিভিয়া গ্ৰেঙৰ সচিব মেক্সিন ষ্ট’ৱে বুনী ৱেইলাৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।

কিংবদন্তি সংগীতজ্ঞগৰাকী ৭৩ বছৰৰ বয়সত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহে।

বিবিচি-এ প্ৰকাশ কৰা অনুসৰি বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ২০২০ চনৰ জুলাই মাহত হোৱা এটা ষ্ট্ৰোকৰ পিছৰে পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৱেইলাৰ।

১৯৪৭ চনৰ ১০ এপ্ৰিলত জামাইকাৰ কিংষ্টনৰ নাইন মাইলছ নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা ৱেইলাৰ ‘ৰেগে’ৰ কিংবদন্তি সংগীতজ্ঞ হিচাপে বিশ্বত প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল। ৱেইলাৰ প্ৰকৃত নাম আছিল নেভিলে অ’ৰিলে লিভিঙষ্ট’ন অ’ এম।

ৱেইলাৰ আছিল বিশ্ববিশ্ৰুত সংগীতজ্ঞ ব’ব মাৰ্লিৰ শৈশৱৰ বন্ধু আৰু ৱেষ্ট ইণ্ডিয়ান ‘ৰেগে’ সংগীত বেণ্ড দ্য ৱেইলাৰ্ছৰ প্ৰতিষ্ঠাপক সদস্য।

উল্লেখ্য যে ১৯৬৬ চনত ব’ব মাৰ্লিৰ নেতৃত্বত জামাইকান ৰেগেৰ বেণ্ড দ্য ৱেইলাৰ্ছ’ৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই বেণ্ডৰ প্রথম তিনিজনৰ সদস্যৰ মাজৰে এজন আছিল বুনী ৱেইলাৰ। এই বেণ্ডটোৱে সমগ্ৰ বিশ্বতে আলোড়ন তুলিবলৈ সক্ষম হৈছিল। যাৰ নিযুত নিযুত অনুৰাগীৰ সৃষ্টি হৈছিল সমগ্ৰ বিশ্বজুৰি।

স্মৰ্তব্য যে দ্য ৱেইলাৰ্ছ বেণ্ডৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ মাজৰ কেৱল বুনী ৱেইলাৰহে জীৱিত আছিল। অন্য দুই প্ৰতিষ্ঠাপক ব’ব মাৰ্লিৰ ১৯৮১ চনত কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে ১৯৮৭ চনত এক বেংক ডকাইটি ঘটনাত অন্যজন প্ৰতিষ্ঠাপক সদস্য পিটাৰ টুচক হত্যা কৰা হৈছিল।

তিনিবাৰকৈ গ্ৰেমী বঁটা বিজয়ী ৱেইলাৰক ২০১৭ চনত জামাইকাৰ সৰ্বোচ্চ অসামৰিক সন্মান অ’ৰ্ডাৰ অৱ মেৰিট সন্মানেৰে সন্মানিত কৰা হৈছিল।

দ্য ৱেইলাৰ্ছ বেণ্ডৰ এগৰাকী সদস্য হিচাপে প্ৰথমে প্ৰসিদ্ধি লাভ কাৰ ৱেইলাৰে বেণ্ডৰ পৰা ওলায় আহি একক এলবাম উলিয়াবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰথমটো একক এলবাম আছিল ব্লেকহাৰ্ট মেন(১৯৭৬)।

ইয়াৰ পিছতো তেওঁ বহুতো এলবাম মুক্তি দিছিল। তাৰ ভিতৰত প্ৰধান এলবামসমূহ হৈছে কেটছ ফায়াৰ(১৯৭৭), প্ৰটেছ(১৯৭৭), নাট্টি ডেথ(১৯৭৪), ষ্ট্ৰাগল(১৯৭৮), ‘ৰ’ক ‘এন ‘গ্ৰ’ভ(১৯৮১), বুনী ৱেইলাৰ ছিঙছ দ্য ৱেইলাৰ্ছ(১৯৮০), লাইভ(১৯৮৩), মাৰ্কেটপ্লেচ(১৯৮৫) ৰুটছমেন স্কনকিং(১৯৮৬), লিবেৰাশ্যন(১৯৮৯) আদি।

নব্বৈ দশকৰ আৰম্ভণিতে তেওঁ ব’ব মাৰ্লিৰ শ্ৰদ্ধাৰ্ঘ হিচাপে মুক্তি দিয়ে ১৯৯১ টাইম উইল টেল: এ ট্ৰিবিউট টু ব’ব মাৰ্লি, ১৯৯৫ত ক্ৰুছিয়েল! ৰুটছ ক্লাছিক আৰু ১৯৯৭ চনত হল অৱ ফেম: এ ট্ৰিবিউট টু ব’ব মাৰ্লিছ ফিফটিথ এনিভাৰ্ছেৰী আদি প্ৰসিদ্ধ এলবাম। ৱেইলাৰ এই তিনিওটা এলবামেই গ্ৰেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

ৱেইটালৰ মৃত্যু জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰিউ হলনেছ-এ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

“জামাইকা আৰু ৰেগেৰ বাবে এয়া বৃহৎ ক্ষতি” জামাইকাৰ প্ৰধানমন্ত্ৰী হলনেছে কয়।

ৱেইলাৰৰ মৃত্যুত বিশ্বজুৰি প্ৰসাৰিত হৈ থকা তেওঁৰ অনুৰাগীসকলো শোকস্তব্ধ হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd