কোকিলাৰ বালাৰচৰত চোৰে লুটিলে ব্যৱসায়িক প্ৰতিষ্ঠান; গ্ৰেপ্তাৰৰ দাবী

police looted in assam

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাৰচৰ বজাৰত শনিবাৰে নিশা সংঘটিত হয় এক চুৰি কাণ্ড।

প্ৰাপ্ত তথ্য মতে বালাৰচৰ বজাৰত আব্দুল আওৱাল আহমেদ নামৰ এজন ব্যক্তিৰ ‘শ্বাহিল ষ্টোৰ’ নামৰ দোকানত শনিবাৰে নিশা চোৰে টিনৰ বেৰ কাটি লুটপাত চলায়। চোৰে দোকানখনৰ পৰা কম্পিউটাৰ ছেট, প্ৰিণ্টাৰ, ডিজিটেল কেমেৰা, ফটোষ্টেট মেছিনসহ প্ৰায় দুই লক্ষাধিক টকাৰ সা-সামগ্ৰী লৈ যায়।

স্নাতক ডিগ্ৰীধাৰী যুৱক আহমেদে চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি উক্ত দোকানখনৰ জৰিয়তে সাত জনীয়া পৰিয়ালটো পোহপাল দি আছিল। কিন্তু যোৱা নিশা চোৰে সকলো লুট-পাট কৰি নিয়াত মানসিক ভাৱে ভাগি পৰিছে আহমেদ।

আনহাতে স্থানীয় ৰাইজে এই ঘটনাৰ লগত জড়িত চোৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ লগতে আহমেদক এককালিন সাহাৰ্য্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে।