যান-বাহন আইন ভংগ কৰাৰ বাবে বাছৰ মালিকক বিহিলে ৬.৭ লাখ টকাৰ জৰিমনা

Minar_Bus__1_-770x433

যান-বাহন আইন ভংগ কৰাৰ বাবে ৬.৭ লাখ টকা জৰিমনা বিহা বাছখন।

যান-বাহন আইন ভংগ কৰাৰ অভিযোগত এখন ব্যক্তিগত বাছৰ মালিকক ৬.৭ লাখ টকা জৰিমনা বিহা হৈছে।

সংশোধিত যান-বাহন আইন ৰূপায়নৰ আওতাত এই জৰিমনা বিহা হৈছে।

OD- 02- AK- 6199 নম্বৰত পঞ্জীয়ন থকা বাছখন উৰিষ্যাৰ বৌদ্ধৰ পৰা ভুৱনেশ্বৰলৈ আহি থকা সময়ত বৌদ্ধ জিলাৰ লেণ্ডিবন্ধ অঞ্চলত আৰ টি অ’ৰ বিষয়াই ধৰা পেলায়।

বিষয়াসকলে জানিব দিয়ে যে বাছ মালিকজনক চালান কটা হৈছে যিহেতু তেওঁ যান-বাহন আইন ভংগ কৰিছিল।

বাছখনৰ পঞ্জীয়ন নাছিল, ফিটনেছ চাৰ্টিফিকেট নাছিল, অনুজ্ঞাপত্ৰ উকলি গৈছিল, বীমা নাছিল আৰু লগতে ২০১৮ৰ ১ মাৰ্চৰ পৰা ২০২০ৰ ১ মাৰ্চলৈকে যান-বাহন কৰ দিয়া নাছিল।

চালন কটাৰ পাছত আৰ টি অ’ই বাছখন জব্দ কৰে আৰু বৌদ্ধৰ আঞ্চলিক পৰিবহন বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে কিছুমান অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত সংশোধিত যান-বাহন আইনৰ ৰূপায়ন ছয় মাহৰ বাবে ৰেহাই দিছিল আৰু যোৱা ১ মাৰ্চৰ পৰা আইনখন প্ৰয়োগ কৰে।

বাছখনৰ মালিকজনক ভুৱনেশ্বৰ ব্ৰিট কল’নিৰ এগৰাকী বাসিন্দা তালাত পাৰৱীন বুলি চিনাক্ত কৰা হৈছে।

বৌদ্ধৰ আৰ টি অ” ভাগিৰথী নায়কে জানিবলৈ দিয়া মতে বাছখনৰ মালিকক কেইবাটাও যান-বাহন আইন ভংগ কৰাৰ বাবে ৬.৭ লাখ টকা জৰিমনা বিহা হৈছে।

বাছখন কাৰ্যালয়ৰ সন্মুখত পৰি আছে যদিও মালিকে এতিয়ালৈকে যোগাযোগ কৰা নাই।