ভয়ংকৰ দুৰ্ঘটনাত পতিত নেপালৰ পৰা স্বদেশ অভিমুখী তীৰ্থযাত্ৰী কঢ়িওৱা বাছ: আহত কেইবাগৰাকীও

Bus with Indian pilgrims overturns in Nepal

এক ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছে নেপালৰ ত্ৰিবেণী ধামৰ পৰা উভতি অহা ভাৰতীয় তীৰ্থযাত্ৰীক কঢ়িয়াই অনা এখন বাছ। এই দুৰ্ঘটনাৰ ফলত বাছখনত থকা প্ৰায় ৬০ গৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে। থুঠিবাৰী সীমান্তৰ পৰা ৫০০ মিটাৰ দূৰত্বত, ভাৰত-নেপাল সীমান্তত সংঘটিত হৈছে এই ঘটনা।

স্থানীয় কৰ্তৃপক্ষৰ মতে, প্ৰায় ৭০ গৰাকী যাত্ৰী কঢ়িয়াই অনা বাছখন পথৰ কাষত বাগৰি পৰিছিল। গোৰখপুৰ জিলাৰ পিপিগঞ্জ আৰু কেম্পিৰগঞ্জৰ পৰা নেপাললৈ তীৰ্থ ভ্ৰমণ কৰিছিল এই লোকসকলে।

খবৰ লাভ কৰাৰ পাছতে নেপাল আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক উদ্ধাৰ কৰি নেপালৰ নৱাল পৰশী জিলাৰ পৃথ্বী চান্দ জিলা চিকিৎসালয়লৈ লৈ যায়। আহত কেইগৰাকীমান ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ পাছতে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ জিলা দণ্ডাধীশে নেপাল কৰ্তৃপক্ষৰ সৈতে বাৰ্তালাপ কৰে আৰু পৰিস্থিতিৰ বুজ লয়। আনহাতে আহতসকলৰ সহায়ৰ উদ্দেশ্যে নেপাললৈ ভাৰতীয় বিষয়াৰ এটা দল প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে নেপালৰ তেৰাই অঞ্চলত অৱস্থিত পবিত্ৰ স্থান ত্ৰিবেণী ধামক হিন্দুসকলৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান বুলি গণ্য কৰা হয়। এই মন্দিৰত হিন্দু দেৱতা ৰাম আৰু তেওঁৰ পত্নী সীতাৰ উপাসনা কৰা হয়।