অৱনমিত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি, এইবাৰ ডিফুত ব্যৱসায়ীক গুলীয়াই হত্যা

shooting-guns

প্ৰতিনিধিত্বমূলক ছবি

ক’ৰ’নাতংকৰ মাজতে কালি তিনিচুকীয়া জিলাৰ টিংৰাই বজাৰত মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তই দিনৰ পোহৰতে গ্ৰেনেড বিস্ফোৰণ ঘটাই দুজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত আজি পুনৰ ডিফুত

উগ্ৰপন্থীৰ গুলীচালনাত মৃত্যু ঘটিছে এজন ব্যৱসায়ীৰ। আজি দুপৰীয়া উগ্ৰপন্থীয়ে নিচেই কাছৰ পৰা গুলীয়াই হত্যা কৰে ব্যৱসায়ী জনক।নিহত ব্যৱসায়ী জনৰ নাম দেৱজিৎ সিনহা।

সন্দেহযুক্ত ডি এন এল এ উগ্ৰপন্থীয়ে ব্যৱসায়ী জনক গুলীয়াই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

দিন দুপৰতে এনেদৰে ডিফু চহৰত ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য কালিও দুৰ্বৃত্তই গ্ৰেনেড বিস্ফোৰণ ঘটাই দুজনকৈ লোকৰ প্ৰাণ কাঢি নিছিল।

যিটো সময়ত ৰাজ্যত মটৰ চাইকেলত দুজনকৈ লোক উঠা নিষেধ, সেই সময়তে দুৰ্বৃত্ত দুজনে  টিংৰাই বজাৰলৈ কিদৰে একে খন মটৰ চাইকেলতে উঠি আহিব পাৰিছিল বুলিও বহুতে প্ৰশ্ন কৰিছে।

সেই সময়ত আৰক্ষীৰ ভূমিকাকলৈয়ো বহুতে সমালোচনা কৰা দেখা গৈছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গৃহমন্ত্ৰীৰো দায়িত্বত আছে।

তেওঁ গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে এনেদৰে ৰাজ্যত দিন দুপৰতে হত্যাকাণ্ড সংঘটিত হ’বলৈ ধৰাৰ কথাই এতিয়া বহুতকে চিন্তিত কৰি তুলিছে।

এতিয়াই ইমান নৈৰাজ্য, অনাগত দিনত পৰিস্থিতি কেনে হ’ব বুলিও বহুতে প্ৰশ্ন কৰিবলৈ লৈছে।