• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2025 10:34 am
60
VIEWS
Share on FacebookShare on Twitter

২০১৮ চনত হত্যাৰ বলি হৈছিল পুত্ৰ। সেই ঘটনাৰ পিছত শুকুৰবাৰে নিশা পাটনাত পুনৰ পিতৃক লক্ষ্য কৰি গুলী বৰ্ষণ। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতা গোপাল খেমকাক।

পাটনাৰ অভিজাত গান্ধী মৈদান অঞ্চলত সংঘটিত হৈছে এই ঘটনা। নিশা প্ৰায় ১১:৪০ বজাত গাড়ীৰ পৰা নামি অহাৰ লগে লগে বাইক আৰোহী আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। খেমকাৰ থিতাতে মৃত্যু হয়।

খেমকা আছিল মাগধ হাস্পতালৰ মুৰব্বী আৰু বাংকিপুৰ ক্লাবৰ সঞ্চালক। তেওঁৰ বাসস্থানৰ লগতে লাগি থকা টুইন টাৱাৰ্ছৰ বাসগৃহৰ সমীপতে পনাশ হোটেলৰ সমীপৰ অঞ্চলত সংঘটিত হয় এই নৃশংস আক্ৰমণৰ ঘটনা।

ঘটনাৰ পিছতে পাটনা চহৰৰ আৰক্ষী অধীক্ষক দীক্ষা কুমাৰীয়ে কয়, “আমি ৪ জুলাইৰ নিশা প্ৰায় ১১ বজাত গোপাল খেমকাক গুলীয়াই হত্যা কৰাৰ তথ্য লাভ কৰিছিলো। অঞ্চলটোক সামৰি তদন্ত চলি আছে। এটা গুলী আৰু এটা কাৰ্টিজৰ খোলা উদ্ধাৰ কৰা হৈছে।”

অৱশ্যে গোপাল খেমকাৰ ভাতৃ শংকৰ খেমকাই আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰে যে, “ঘটনাটোৰ তিনি ঘণ্টা পাৰ হৈ যোৱাৰ পিছতহে আৰক্ষী আহে!” তেওঁ দাবী কৰে যে, “মোৰ ভাতৃক পুৱা ১১:৪০ বজাত গুলীয়াই হত্যা কৰা হৈছিল, কিন্তু পুলিচ ২:৩০ বজাতহে আহিছিল।”

এই ঘটনাত পূৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱে ৰাজ্যখনৰ শাসকীয় দল জেডিইউ আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তীব্ৰ আক্ৰমণ কৰিছে। তেওঁ এটা টুইটত লিখিছে, “বিহাৰ এতিয়া অপৰাধীৰ স্বৰ্গ! নীতিশজী, অনুগ্ৰহ কৰি বিহাৰ এৰি দিয়ক!” পাপ্পুৱে লগতে লিখিছে, “২০১৮ চনত গোপাল খেমকাৰ পুত্ৰৰ হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’লে আজি তেওঁ প্ৰাণ হেৰুৱাব নালাগিলেহেঁতেন। চৰকাৰ সেই সময়ত অপৰাধীৰ ৰক্ষক হৈ পৰিছিল।”

উল্লেখ্য যে ২০১৮ চনত গোপাল খেমকাৰ পুত্ৰ গুঞ্জন খেমকাক একেধৰণে গুলীয়াই হত্যা কৰা হৈছিল। সেই ঘটনাৰ তদন্ত এতিয়াও ৰহস্যৰ আৱৰ্তত।

নিৰ্বাচনৰ প্ৰাকক্ষণত এনে এক ঘটনাত বিহাৰৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ নতুনকৈ প্ৰশ্ন উত্থাপন হৈছে।  এই হত্যাকাণ্ডৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই আৰু আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি থকা বুলি জানিব পৰা গৈছে। তদন্ত অব্যাহত আছে।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd