২০২১ত অসমতে অসমীয়াভাষী সংখ্যালঘুত পৰিণত হ’ব : ড০ পৰমানন্দ ৰাজবংশী

বৰপেটা জিলা সাহিত্য সভাৰ কাৰ্যালয় মুকলি

a63ab182-f1c6-4cf0-8f7d-2676926ea2d7

“ৰাজ্যত ভাষা নীতি প্ৰয়োগৰ ক্ষেত্ৰত চৰকাৰখনে কঠোৰ নোহোৱাৰ বাবেই ৰাজ্যত অসমীয়াভাষীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিছে। চৰকাৰৰ এনে কাম কাজৰ বাবেই ২০২১ চনৰ লোক পিয়লত অসমীয়া ভাষীৰ সংখ্যা ২০ ৰ পৰা ২৫ শতাংশ হ্ৰাস পাই অসমতে অসমীয়াভাষী সংখ্যালঘুত পৰিণত হ’ব৷” এই আশংকা অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ৷

ৰাজ্যত অসমীয়াভাষীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই অহাত বিভিন্ন দল-সংগঠনে আশংকা ব্যক্ত কৰি অহাৰ সময়তে আজি বৰপেটা চহৰত বৰপেটা জিলা সাহিত্য সভাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজবংশীয়ে এই মন্তব্য কৰে।

জিলা সাহিত্য সভাৰ উপ সভাপতি লাচিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজবংশীয়ে লগতে কয় যে, ২০১১ ৰ লোক পিয়লত অসমীয়া ভাষীৰ সংখ্যা ৪৮ শতাংশ হৈছে৷ অসমীয়াভাষীৰ সংখ্যা হ্ৰাস হোৱা এই বিষয়টোকলৈ চৰকাৰে যিধৰণে কাম কৰিব লাগিছিল সেয়া নকৰাটো দুৰ্ভাগ্যজনক৷

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ প্ৰধান সহযোগী দল অগপৰ স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ  সন্মুখতেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে লগতে কয় যে, অসমীয়াভাষীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যিখিনি কৰিব লাগিছিল সেইখিনি আজিলৈ কৰা নাই৷

ৰাজ্য চৰকাৰখনে ভাষানীতি, শিক্ষানীতি আৰু নিয়োগ নীতিৰ ক্ষেত্ৰত সজাগ নোহোৱাৰ বাবেই খোদ অসমতেই অসমীয়াভাষীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আছে বুলিও সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অভিযোগ কৰে৷

আজিৰ এই অনুষ্ঠানত জিলা উপাযুক্ত থানেশ্বৰ মালাকাৰ, বিশিষ্ট শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে৷ উল্লেখ্য যে, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি জি এল আগৰৱালাৰ লগতে কেইবাগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সমীপত বৰপেটা জিলা সাহিত্য সভাৰ নতুন কাৰ্যালয়টো নিৰ্মাণ কৰা হয়৷