• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুছলমানক বাদ দি ৬ সংখ্যালঘু সম্প্ৰদায়ক বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত! শীঘ্ৰেই লাভ কৰিব নাগৰিকত্ব 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2025 1:26 pm
123
VIEWS
Share on FacebookShare on Twitter

২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ৰাজ্যখনত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, আৰু পাৰ্চী সম্প্ৰদায়ৰ অমুছলমানৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ ত্যাগ কৰিব অসম চৰকাৰে। এই সিদ্ধান্ত নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে চৰকাৰে।

প্ৰাপ্ত খবৰ অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ১৭ জুলাইত বিদেশী ন্যায়াধিকৰণ আৰু CAAৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত বিশেষভাৱে গোচৰ বাদ দিয়াৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয়।

২০১৫ চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা, ছবছৰ ধৰি বাস কৰা বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা মুছলমানক বাদ দি ছটা সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ শৰণাৰ্থীসকলৰ নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা ক্ষিপ্ৰ কৰাৰ লক্ষ্য বান্ধিছে আসম চৰকাৰে।

উল্লেখ্য যে অসমৰ বিদেশী ন্যায়াধিকৰণ হৈছে অৰ্ধ ন্যায়িক সংস্থা যিয়ে পৰিয়ালৰ বংশ আৰু ১৯৭১ চনৰ ভিত্তিবৰ্ষৰ ওপৰত ভিত্তি কৰি নাগৰিকত্বৰ বিষয়ত সিদ্ধান্ত লয়। ১৯৭১ চনৰ আগতে অসম বা ভাৰতত এজন ব্যক্তিৰ পাৰিবাৰিক বাসস্থান স্থাপন কৰিবলৈ তেওঁলোকে মূলতঃ নথি-পত্ৰৰ ওপৰত নিৰ্ভৰ কৰে।

শেহতীয়াকৈন এই ন্যায়াধিকৰণসমূহে স্বেচ্ছাচাৰী আৰু পক্ষপাতদুষ্ট বুলি সমালোচনাৰ সন্মুখীন হৈছে, কেতিয়াবা সৰু সৰু ভুল, নথি-পত্ৰ নোহোৱা বা স্মৃতিশক্তিৰ অভাৱৰ বাবে ব্যক্তিক বিদেশী বুলি ঘোষণা কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি এতিয়ালৈকে বিদেশী ঘোষণা কৰা ১ লাখ ৬০ হাজাৰ লোকৰ ভিতৰত ৬৯ হাজাৰ ৫০০ৰো অধিক লোক হিন্দু।

সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধিকৰণ তদাৰক কৰা বিভাগে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, আৰু ন্যায়াধিকৰণৰ সদস্যসকলক এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সভাৰ কাৰ্য্যবিৱৰণী অনুসৰি, ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে অসমত প্ৰৱেশ কৰা ছটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিদেশীৰ বিৰুদ্ধে ন্যায়াধিকৰণসমূহে গোচৰসমূহ খাৰিজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নিৰ্দেশনা অনুসৰি জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে নিজ নিজ ন্যায়াধিকৰণৰ সদস্যক সাক্ষাৎ কৰি নাগৰিকত্ব প্ৰদানৰ অগ্ৰগতি পৰ্যালোচনা কৰিব লাগিব, আৰু ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিবেদন বিভাগক দাখিল কৰিব লাগিব।

জিলা কৰ্তৃপক্ষক দিয়া অধিসূচনাখনত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ “বিদেশীসকলক উৎসাহিত আৰু সমৰ্থন কৰা উচিত” বুলিও উল্লেখ কৰা হৈছে। লগতে উল্লেখ কৰা হৈছে যে অসম চৰকাৰে গোৰ্খা আৰু কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকৰ বিৰুদ্ধে সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ স্পষ্ট নিৰ্দেশ জাৰি কৰিছে, যিবোৰ তৎকালীনভাৱে পালন কৰিব লাগিব।

২০২৪ বৰ্ষৰ জুলাই মাহত অসম চৰকাৰে ৰাজ্যখনৰ সীমান্ত আৰক্ষীক নিৰ্দেশ দিছিল যে ২০১৪ চনৰ পূৰ্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অমুছলমান লোকৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ নকৰিবলৈ। বৰঞ্চ সীমান্ত আৰক্ষীক নিৰ্দেশ দিয়া হৈছিল যে ছয় জনগোষ্ঠীৰ নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব সংশোধনী আইনৰ পৰ্টেলৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিব লাগে, তেওঁলোকৰ গোচৰ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব। লক্ষণীয় যে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল যে বৰ্তমানৰ গোচৰসমূহ বাদ দিয়া নহ’ব। নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ এন সিদ্ধান্তৰ প্ৰতি প্ৰশ্নবোধক উত্থাপন কৰা হৈছে।

সমালোচকসকলে যুক্তি আগবঢ়ায় যে নাগৰিকত্ব সংশোধনী আইনে ১৯৮৫ চনৰ অসম চুক্তিক ভেঙুচালি কৰে, য’ত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা যিকোনো ব্যক্তিক চিনাক্ত কৰি বিতাড়ন কৰা উচিত বুলি উল্লেখ আছে। অসমীয়া জাতীয়তাবাদীসকলে ধৰ্ম নিৰ্বিশেষে সকলো “অবৈধ প্ৰব্ৰজনকাৰী”ক ৰাজ্যৰ সংস্কৃতি আৰু সম্পদৰ প্ৰতি ভাবুকি বুলি ভাবে।

নাগৰিকত্ব সংশোধনী আইনক লৈ  ২০১৯ আৰু ২০২০ চনত অসমৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশ্যে অসমৰ বাঙালী হিন্দুসকলে ইয়াক আদৰণি জনায়।

২০১৯ চনৰ আগষ্ট মাহত অসমে ভাৰতীয় নাগৰিকক নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ পৰা পৃথক কৰিবলৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰিছিল। ১৯ লাখতকৈ অধিক লোক বা ৫.৭% আবেদনকাৰীক চূড়ান্ত তালিকাৰ পৰা বাদ দিয়া হৈছিল। ২০২৪ চনৰ মাৰ্চ মাহত পাঁচ লাখ বঙালী হিন্দু, অসমীয়া হিন্দু গোট কোচ-ৰাজবংশী, দাস, কলিতা আৰু শৰ্মা (অসমীয়া)ৰ দুই লাখ সদস্য, আৰু ১.৫ লাখ গোৰ্খাক এন আৰ চিৰ পৰা আঁতৰাই ৰখা হৈছিল।

Recent News

আদানীৰ ওপৰত তদন্তৰ ভয়ত ট্ৰাম্পৰ বিৰুদ্ধে মৌন মোদী! ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

আদানীৰ ওপৰত তদন্তৰ ভয়ত ট্ৰাম্পৰ বিৰুদ্ধে মৌন মোদী! ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

চৰকাৰী কামত হিন্দীক বাধ্যতামূলক কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই : লোকসভাক জনালে কেন্দ্ৰীয় চৰকাৰে

চৰকাৰী কামত হিন্দীক বাধ্যতামূলক কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই : লোকসভাক জনালে কেন্দ্ৰীয় চৰকাৰে

মুছলমানক বাদ দি ৬ সংখ্যালঘু সম্প্ৰদায়ক বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত! শীঘ্ৰেই লাভ কৰিব নাগৰিকত্ব 

মুছলমানক বাদ দি ৬ সংখ্যালঘু সম্প্ৰদায়ক বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত! শীঘ্ৰেই লাভ কৰিব নাগৰিকত্ব 

আদানীৰ ব্যৱসায় বচাবলৈ ট্ৰাম্পৰ বিৰুদ্ধে মাত মতা নাই প্ৰধানমন্ত্ৰী মোদীয়ে : নতুন অভিযোগ ৰাহুল গান্ধীৰ

আদানীৰ ব্যৱসায় বচাবলৈ ট্ৰাম্পৰ বিৰুদ্ধে মাত মতা নাই প্ৰধানমন্ত্ৰী মোদীয়ে : নতুন অভিযোগ ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd