কেব : চামগুৰিত উত্তপ্ত পৰিস্থিতি; বিজেপি নেতাক ৰাইজৰ পহুখেদা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজি চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চামগুৰি তিনিআলিত।

ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়ত কনভয়ত উঠি প্ৰতিবাদস্থলীত উপস্থিত হোৱা বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা আৰু দীপ্লু ৰঞ্জন শৰ্মাক আগভেটি ধৰে দুই শতাধিক প্ৰতিবাদী আছু কৰ্মীয়ে।

নেতা দুজনক ৰাইজে কলা পতাকা প্ৰদৰ্শন কৰাৰ লগতে উপযুৰ্পৰি কৰ্কথনা কৰে। ইয়াৰ মাজতে জয়ন্ত মল্লৰ দেহৰক্ষীয়ে চামগুৰি আৰক্ষীৰ সন্মুখতে এটা ব্যক্তিগত নিউজ চেনেলৰ নয়নমণি বৰা নামৰ এগৰাকী সাংবাদিকক ঠেলা গটা কৰাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰীসকল।

অৱশ্যে পিছত অভিযুক্ত নিৰাপত্তাৰক্ষী গৰাকীয়ে সংবাদিক গৰাকীক ক্ষমা খোজাত পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহে।

আনহাতে ঘটনাস্থলিত উপস্থিত হোৱা চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সন্মুখতে প্ৰতিবাদকাৰীসকলে জয়ন্ত মল্ল বৰুৱা আৰু দীপ্লু ৰঞ্জন শৰ্মাক পহু খেদা দিয়ে।

প্ৰতিবাদৰ সমসছোৱাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত প্ৰায় দুই ঘণ্টা ধৰি সহস্ৰাধিক যানবাহান আৱদ্ধ হৈ পৰিছিল।