জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্য অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হৈ অহাৰ সময়তে বিলখনৰ সমৰ্থন কৰি শনিবাৰে গুৱাহাটীত প্ৰতিবাদী সমদল বাহিৰ কৰে বিজেপি-আৰ এছ এছৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।
গুৱাহাটী ক্লাবৰ পৰা বাহিৰ কৰা এই সমদল আৰক্ষী অৰ্ধ সামৰিক বাহিনীয়ে সম্পূৰ্ণ নিৰাপত্তা দি আগুৱাই নিয়ে প্ৰতিবাদকাৰীসকলক যাতে কেব বিৰোধী প্ৰতিবাদকাৰীয়ে এই সমদলত বাধা প্ৰদান কৰিব নোৱাৰে।
তাৰ বিপৰীতে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বি. বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক গেটৰ ভিতৰলৈ যাবলৈ দিয়াৰ লগতে গেট বন্ধ কৰি আবদ্ধ কৰি ৰাখে।
“আমি কেব কেতিয়াও নামানো, সেয়েহে আমি গেটৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিলো। কিন্তু আমাক আৰক্ষীয়ে এনেদৰে আবদ্ধ কৰি ৰাখিছে,” প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ এজনে এইদৰে কয়।
আনহাতে, এ বি ভি পিৰ প্ৰতিবাদী সমদলৰ পাছে পাছে আহি থকা স্কুটী আৰোহী এজনে বি. বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত নিজৰ স্কুটী ৰখাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আবদ্ধ কৰি ৰখাত ক্ষুদ্ধ হৈ পৰে।
কৰ্তব্যৰত এগৰাকী আৰক্ষী বিষয়াক উদ্দেশ্যি তেওঁ কয়, “জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা ছাত্ৰসকলক গেট মাৰি আবদ্ধ কৰি ৰখা হৈছে। অথচ এবিভিপিৰ দৰে অসমখন নিঃশেষ কৰিব খোজা সংগঠনক কেনেকৈ সদাব্যস্ত এই পথেৰে প্ৰতিবাদ কৰিবলৈ অনুমতি দিলে?”
সবিশেষৰ বাবে ভিডিঅ’টো চাওক–