ভাৰতত নিষিদ্ধ হ’ল ই-চিগাৰেট; এনে কাৰণত দেশত নিষিদ্ধ হ’ল ই-চিগাৰেট

Nirmala sitaraman

নিৰ্মলা সীতাৰমণ

ভাৰত চৰকাৰে দেশত ই-চিগাৰেট নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন সংবাদমেল সম্বোধন কৰি দেশত ইলেক্ট্ৰনিক চিগাৰেট প্ৰস্তুত আৰু বিক্ৰী নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে, ই-চিগাৰেট নিষিদ্ধ কৰা ভাৰত প্ৰথমখন দেশ নহয়। আমেৰিকাৰ ছানফ্ৰাঞ্চিছস্কো চহৰতো ইয়াৰ পূৰ্বে ই-চিগাৰেট নিষিদ্ধ কৰা হয়।

ই চিগাৰেটক লৈ বিবাদ

ই-চিগাৰেটক লৈ দীৰ্ঘসময়ৰ পৰা বিবাদ চলি আছে। ই-চিগাৰেট সেৱনকাৰী সকলে ই-চিগাৰেটক সুৰক্ষিত বুলি কৈ থকাৰ বিপৰীতে চিকিৎসক সকলে ইয়াৰ ব্যৱহাৰ স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক বুলি উল্লেখ কৰে।

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ই-চিগাৰেটৰ ব্যৱহাৰ

ভাৰতৰ জনসাধাৰণৰ মাজত ই-চিগাৰেটৰ ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছিল। ই-চিগাৰেট সেৱন কৰিলে শৰীৰত ইয়াৰ কোনোধৰণৰ কু-প্ৰভাৱ নপৰে বুলি ই-চিগাৰেট ব্যৱহাৰকাৰীসকলে ধাৰণা কৰি আহিছিল যাৰ ফলশ্ৰুতিত ইয়াৰ প্ৰচলন বৃদ্ধি পাইছিল।

আনহাতে, শেহতীয়া পৰীক্ষাত ই-চিগাৰেটৰ ব্যৱহাৰে হৃদৰোগ বৃদ্ধি কৰাত অৰিহণা যোগোৱাৰ লগতে অন্য বেমাৰৰ সৃষ্টি কৰা বুলি প্ৰমাণ হোৱাৰ পাছতে দেশত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ই-চিগাৰেটৰ ভয়াবহতা

দীৰ্ঘ সময় ধৰি ই-চিগাৰেটৰ ব্যৱহাৰ কৰাতো অতি ভয়াবহ হিচাপে পৰিগণিত হৈছে। ই-চিগাৰেট ব্যৱহাৰৰ ফলত তেজৰ কৰ্কট ৰোগৰ দৰে ভয়াবহ ৰোগ হোৱাৰো সম্পূৰ্ণ সম্ভাৱনা থাকে।

সাধাৰণ চিগাৰেটত থকাৰ দৰে ই-চিগাৰেটত বহু পৰিমাণে নিকোটিন থাকে বুলি পৰীক্ষাত প্ৰমাণ হৈছে যিয়ে ৰক্ত চাপ বৃদ্ধিত সহায় কৰে।