ডিব্ৰুগড়ত অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দোকান-পোহাৰ খোলা ৰখাৰ ক্ষেত্ৰত কেবিনেটে ঘোষণা কৰিছে বিশেষ নীতি।
কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত এতিয়া ২৪ ঘণ্টাই দোকান-পোহাৰ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে। বাকী টাউনসমূহত নিশা ২ বজালৈ দোকান-পোহাৰ খোলা ৰাখিব পাৰিব।
গ্ৰামাঞ্চলত দোকান-পোহাৰ নিশা ১১ বজালৈ খোলা ৰাখিবলৈ অনুমতি দিয়া হৈছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দোকান-পোহাৰ খোলাৰ সময় বৃদ্ধি কৰা হ’লেও শ্ৰমিকসকলক সপ্তাহত ৪৮ ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। এটা শ্বিফটত ৯ ঘণ্টাতকৈ বেছি কাম কৰাও নিষিদ্ধ কৰিছে।
সুৰাৰ বিপণীসমূহ খোলাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, গুৱাহাটীত নিশা ২ বজালৈ সুৰাৰ বিপণী খোলা থাকিব। ৰাজ্যৰ অন্যান্য প্ৰান্তত সুৰাৰ বিপণী আগৰ দৰে খোলা থাকিব।