• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা সমষ্টিৰ নিৰ্বাচনী আলেখ : শিলচৰ লোকসভা সমষ্টি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 2:56 pm
ADC-LSConstituency-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ লোকসভা সমষ্টিটোত সাতটা বিধানসভা সমষ্টি শিলচৰ, সোনাই, ধলাই, উধাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়াক লৈ গঠিত হৈছে। ইয়াৰে ধলাই বিধানসভা সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমষ্টিটোৰ কেইটামান উল্লেখযোগ্য তথ্য হ’ল –

মুঠ ভোটাৰৰ সংখ্যা ১১,৯৩,৯০৮ গৰাকী

পুৰুষ ভোটাৰ : ৬,১৩,২৩৬গৰাকী

মহিলা ভোটাৰ : ৫,৭৬,৩৫৩গৰাকী

মুঠ ভোটকেন্দ্ৰ আছে : ১৪৬১টা

অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আছে : ২০টা

শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাৰ বৰ্তমান বিধায়কসকল হৈছে-

শিলচৰ- দিলীপ কুমাৰ পাল(বিজেপি)

সোনাই- আমিনুল হক লস্কৰ (বিজেপি)

ধলাই,- পৰিমল শুক্লবৈদ্য (বিজেপি)

উধাৰবন্দ- মিহিৰ কান্তু সোম (বিজেপি)

লক্ষীপুৰ- ৰাজদ্বীপ গোৱালা (কংগ্রেছ)

বৰখলা- কিশোৰ নাথ (বিজেপি)

কাটিগড়া-অমৰ চান্দ জৈন (বিজেপি)

১৯৭৭ চনৰ পৰা ২০১৪ লৈকে শিলচৰ লোকসভা সমষ্টিটো কংগ্ৰেছে সাতবাৰ দখল কৰিবলৈ সক্ষম হৈছে। এইবাৰ পুনৰ ক্ষমতাসীন বিজেপিৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আগবাঢ়িছে কংগ্ৰেছ।

পূৰ্বতে বৰাকৰ অবিসম্বাদী নেতা হিচাপে কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেবে শিলচৰ সমষ্টিৰ পৰা একেৰাহে ক্ৰমে পাঁচবাৰ ১৯৮০, ১৯৮৫,১৯৯৬,১৯৯৯ আৰু ২০০৪ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে বৰাক উপত্যকাৰ অতি মৰ্যাদাপূৰ্ণ সমষ্টি হিচাপে পৰিচিত লোকসভা সমষ্টিটোৰ পৰা তিনিজনকৈ কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি সদায়েই আগশাৰীৰ নেতাই বিজয়ী হৈ আহিছে।

১৯৭৭ চনত কংগ্ৰেছ প্ৰাৰ্থী ৰছিদা হক চৌধুৰী বিজয়ী হয়। কংগ্ৰেছৰ কিংবদন্তী নেতা মইনুল হক চৌধুৰীৰ পত্নী ৰছিদা হক চৌধুৰীয়ে চৰণ সিং নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা, সমাজ কল্যাণ তথা সাংস্কৃতিক বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আছিল।

আনহাতে, সন্তোষ মোহন দেবে ১৯৮০ চনত লোকসভাৰ মধ্যকালীন নিৰ্বাচনত শিলচৰৰ পৰা প্ৰথম নিৰ্বাচিত হয়। প্ৰথমবাৰ নিৰ্বাচিত হোৱাৰ পাছতে দেবে শিলচৰত একছত্ৰী নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে তেওঁ ইয়াৰ পাছতো ১৯৮৫,১৯৯৬,১৯৯৯ আৰু ২০০৪ চনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হয়। ইয়াৰ মাজতে তেওঁ ১৯৮৯ আৰু ১৯৯৬ৰ মাজত পশ্চিম ত্ৰিপুৰা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। সন্তোষ মোহন দেবৰ পিতৃ সতীন্দ্ৰ মোহন দেব স্বাধীন ভাৰতৰ প্ৰথম এগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। সন্তোষ মোহনৰ ককাক কালী মোহন দেব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।

১৯৮৬-১৯৮৮ লৈকে সন্তোষ মোহন দেব পৰ্যটন আৰু যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আছিল আৰু ১৯৮৮-৮৯ ৰ সময়ছোৱাত কেন্দ্ৰী গৃহ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। তদুপৰি, ১৯৯১ চনত তেওঁ তীখা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)ৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে, ২০০৫-২০০৯ লৈকে তেওঁ গুৰুত্বপূৰ্ণ গুৰু উদ্যোগ তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সন্তোষ মোহন দেবৰ নুমুলীয়া কন্যা সুষ্মিতা দেব বৰ্তমান শিলচৰ লোকসভা সমষ্টিৰ সাংসদ। তেওঁ লগতে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰীও।

অৱশ্যে, হিন্দু বঙালী অধ্যুষিত সমষ্টিটোত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লোকসভাত অনাৰ পাছত পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে।

হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব খোজা বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছৰ বাবে সমষ্টিটোত দিন ভালে যোৱা নাই।

বৰাক উপত্যকাৰ গৰিষ্ঠ সংখ্যক হিন্দু বঙালী ভোটাৰে বিধেয়কখনক সমৰ্থন কৰিছিল আৰু এইক্ষেত্ৰত কংগ্ৰেছৰ স্থিতিক লৈ তেওঁলোক অসন্তুষ্ট।

ইপিনে, শিলচৰ সমষ্টিটো ১৯৯১, ১৯৯৯ আৰু ২০০৯ চনত তিনিবাৰকৈ বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছিল।

বিজেপিৰ এগৰাকী শীৰ্ষ নেতা কবীন্দ্ৰ পুৰকায়স্থই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ১৯৯৮ৰ পৰা ১৯৯৯লৈকে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব চম্ভালিছিল।

পুৰকায়স্থই ১৯৯১ চনত প্ৰথম শিলচৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পাছত তেওঁ ১৯৯৮ আৰু ২০০৯ত পুনৰ সমষ্টিটোৰ পৰা নিৰ্বাচিত হয়।

২০০৯ চনত পঞ্চদশ লোকসভা নিৰ্বাচনত তেওঁ সন্তোষ মোহন দেব আৰু এআইয়ুডিএফৰ বদৰুদ্দিন আজমলক পৰাজিত কৰি  নিৰ্বাচিত হৈছিল। ২০১৪ত আকৌ মোডী ঢৌৰ মাজতো তেওঁ সুষ্মিতা দেবৰ হাতত পৰাজিত হ’বলগীয়া হয়।

এইবাৰ বিজেপিয়ে ৰাজদ্বীপ ৰয়ক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছে বৰ্তমানৰ সাংসদ সুষ্মিতা দেবক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। শিলচৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ নিৰ্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা আছে।

 

 

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am
সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

WHO প্ৰতিবেদন: বিশ্বজুৰি যুৱক-যুৱতীৰ মাজত উদ্বেগজনক ভবে বৃদ্ধি নিসংগতাৰ, বাঢ়িছে গুৰুতৰ ৰোগৰ আশংকা

September 10, 2025 6:49 am
সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd