NORTHEAST NOW (Assamese)

মাছ-মাংস খালেই লিভাৰ বেয়া হ’ব পাৰে নেকি? জানো আহক

April 22, 2025 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2025 9:02 pm

অসমত প্ৰায় সকলো লোকেই মাছ-মঙহ ভক্ষণ কৰে। অসমীয়া মানুহৰ প্ৰিয় খাদ্যৰ তালিকাত হাঁহ, গাহৰি, ছাগলী, কুকুৰা, পাৰ আদি মাংসৰ স্থান অতীজৰে পৰা আছে। মূলতঃ অসমীয়া মানুহ আমিষভোজী। অসমৰ মানুহে নিয়মীয়াকৈ মাছ মাংস ভক্ষণ কৰে।

কিন্তু বহুতে লিভাৰৰ সমস্যা হ’ব বুলি মাছ মাংস খাবলৈ ভয় কৰে। কিন্তু মাছ মাংস খালেই লিভাৰ বেয়া নহয়। এজন সুস্থ ব্যক্তিয়ে নিয়মীয়াকৈ মাছ মাংস খাব পাৰে।

মাছ আৰু মাংসত প্ৰটিন, ভিটামিন , খনিজ থাকে, যি লিভাৰৰ স্বাস্থ্যৰ বাবে উপকাৰী । বিশেষকৈ মাছত থকা ওমেগা-৩ ফেটি এছিডে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

কিন্তু অধিক পৰিমাণত ৰঙা মাংস বা চৰ্বি থকা মাংস খালে লিভাৰত চৰ্বি জমা হ’ব পাৰে।  ই নন-এলকোহলিক ফেটি লিভাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ যদি সৈতে শাক-পাচলি কমকৈ খোৱা হয়। অধিক তেল-মচলা দি ৰন্ধা মাছ-মাংসই এই সমস্যা অধিক বৃদ্ধি কৰিব পাৰে। সেয়ে মাছ-মাছ সদায় কম তেলত ভাজি অথবা সিজাই খাব লাগে। লগতে কোনো ৰোগত আক্ৰান্ত ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে মাছ-মাংস খোৱা উচিত।

Related News