চাঞ্চল্য! বিদ্যালয়ৰ ভিতৰত উদ্ধাৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ গণ কবৰ, ক’ত?

zz

শিশুৰ কলৰৱেৰে মুখৰিত হৈ থকা এখন বিদ্যালয়। এই বিদ্যালয় খনতে এটা সময়ত শ শ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল।

কিন্তু সেইখন বিদ্যালয়তে উদ্ধাৰ হৈছে এটা গণ কবৰ।গণ কবৰত উদ্ধাৰ হোৱা মৃতদেহ বোৰ বিদ্যালয় খনতে পঢ়া শিক্ষাৰ্থীৰ বুলি নিশ্চিত কৰা হৈছে। কানাডাৰ ব্ৰিটিছ কলম্বিয়াত থকা কামলুপছ ইণ্ডিয়ান ৰেছিডেঞ্চিয়েল স্কুলত উদ্ধাৰ হোৱা গণ কবৰত এতিয়ালৈকে ২১৫ টি শিশুৰ মৃতদেহ থকাৰ কথা নিশ্চিত হৈছে।

ধাৰণা কৰা অনুসৰি এই বিদ্যালয় খনত যিসকল শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে সেয়া কেইবাদশকো আগৰ মৃতদেহ। গণ কবৰটোত শিশুসকলে পিন্ধা জোতাকে ধৰি আন সামগ্ৰীও উদ্ধাৰ হৈছে।

১৯৭৮ চনত বন্ধ হৈ যোৱা এই বিদ্যালয় খনলৈ কানাডাৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ শিশুসকলক বলপূৰ্বক অনা হৈছিল। ৰোমান কেথলিকৰ অধীনত এই বিদ্যালয় খন স্থাপন কৰা হৈছিল ১৮৯০ চনত।

অভিযোগ অনুসৰি এই বিদ্যালয় খনৰ লগতে সেই সময়ৰ আন বহু কেইখন ৰেছিডেঞ্চিয়েল বিদ্যালয়ত স্থানীয় জনগোষ্ঠীয় শিশু সকলক শিক্ষা প্ৰদানৰ নামত অকথ্য নিৰ্যাতন চলোৱা হৈছিল।

কানাডাৰ এনে ৰেছিডেঞ্চিয়েল বিদ্যালয়লৈ অনাৰ পিছৰে পৰা ৪১০০ৰো অধিক শিশু চিৰদিনৰ বাবে নিৰুদ্দেশ হৈ পৰিছিল।শেহতীয়াকৈ ১৯৭৮ চনত বন্ধ হৈ পৰা কামলুপছ ইণ্ডিয়ান ৰেছিডেঞ্চিয়েল স্কুলত উদ্ধাৰ হোৱা মৃতদেহসমূহ ঙত্যা কৰা শিশুৰেই মৃতদেহ বুলি ভবা হৈছে।

শিশুসকলক কেতিয়া হত্যা কৰি গণ কবৰত পুতি থোৱা হৈছিল সেয়া উপযুক্ত পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। গণ কবৰ উদ্ধাৰৰ ঘটনাত হতচকিত হৈ পৰা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেৱে গভীৰ শোক ব্যক্ত কৰাৰ লগতে এয়া দেশৰ ইতিহাসক লজ্জানত কৰা ঘটনা আখ্যা দিছে।

উল্লেখ্য কানাডাৰ চৰকাৰে ১৯৬৯ চনত এই বিদ্যালয় খন নিজৰ অধীনলৈ আনিছিল। ইয়াৰ পৰা বুজা যায় যে শিশুসকলক ১৯৬৯ চনৰ আগতেই হত্যা কৰি পুতি থোৱা হৈছিল।

বিদ্যালয়তে ২১৫ টিকৈ শিশুৰ গণ কবৰ উদ্ধাৰৰ ঘটনাই সমগ্ৰ বিশ্বতে জোকাৰণিৰ সৃষ্টি কৰিছে।