NORTHEAST NOW (Assamese)

COVID-19 ৰ পৰা আৰোগ্য লাভ কানাডাৰ প্ৰধান মন্ত্ৰীৰ পত্নীৰ; আক্ৰান্তসকলক জনালে ‘ভালপোৱা’

March 29, 2020 1:27 pm · এন ই নাও নিউজ

কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুডেউৰ পত্নীয়ে শনিবাৰে জানিবলৈ দিয়ে যে তেওঁ নতুন কৰ’না ভাইৰাছৰ দ্বাৰা হোৱা COVID-19 ৰোগৰ অসুস্থতাৰ পৰা সুস্থ হৈছে।

‘মই বহুখিনি ভাল অনুভৱ কৰিছো,’-ছচিয়েল মিডিয়াত দিয়া এক বিবৃতিত ছোফি গ্ৰেগ’ৰি ট্ৰুডেউৱে এইদৰে কয়।

তেওঁ কয় যে তেওঁৰ চিকিৎসক আৰু অট’ৱা পাব্লিক হেলথৰ পৰা সুস্থতাৰ প্ৰমাণ পত্ৰ লাভ কৰিছে।

যোৱা ১২ মাৰ্চত ট্ৰুডেউৰ কাৰ্যালয়ৰ পৰা ঘোষণা কৰা হৈছিল যে তেওঁ লণ্ডন ভ্ৰমণৰ পৰা উভতি অহাৰ পৰা জ্বৰত পৰাৰ পাছত কৰ’না ভাইৰাছৰ পৰীক্ষাত পজিটিভ ধৰা পৰিছে।

প্ৰধান মন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে তেতিয়াৰে পৰাই স্বেচ্ছাই ঘৰত আইছ’লেশ্যনত আছে। তেওঁৰ লগতে তেওঁলোকৰ তিনিটা সন্তানৰ কোনো লক্ষণ ধৰা পৰা নাছিল।

জাষ্টিন ট্ৰুডেউৱে তেওঁৰ বাসভৱনৰ বাহিৰত দৈনিক সংবাদ মেল সম্বোধন কৰি আহিছে। শনিবাৰে পুৱা তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ পত্নী সম্পূৰ্ণ সুস্থ হৈছে।

‘’মোৰ গভীৰ অন্তৰৰ পৰা মই সকলোকে ধন্যবাদ দিব খুজিছো যিসকলে মোৰ বাবে শুভেচ্ছা জনাইছিল। লগতে বৰ্তমানো যিসকলে ভূগি আছে সেই সকলোকে মই মোৰ ভালপোৱা প্ৰেৰণ কৰিলো,’’-তেওঁ কয়।

প্ৰধান মন্ত্ৰী শনিবাৰে জানিব দিয়ে যে যি কানাডাবাসীক ঘৰতে থাকিবলৈ কোৱা হৈছে তেওঁলোকৰ বাবে দৃষ্টান্ত দাঙি ধৰিবলৈ তেওঁ ঘৰৰ পৰাই কাম কৰাটো অব্যাহত ৰাখিব।

কানাডাত ৫,৬১৬তকৈয়ো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৬১জনৰ মৃত্যু হৈছে আৰু প্ৰায় ৪৪৫জন লোকে আৰোগ্য লাভ কৰিছে।

Related News