উচ্চতম ন্যায়ালয়ত সংবাদ মাধ্যমক নাকী লগাবলৈ গৈ মুখথেকেচা খালে নিৰ্বাচন আয়োগে

SC

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে অলপতে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল কেন্দ্ৰীয় নিৰ্বাচন আয়োগে। কিন্তু  আজিকেন্দ্ৰীয় নিৰ্বাচন আয়োগক বিমুখ কৰে উচ্চতম ন্যায়ালয়ে।

যোৱা ২৬ এপ্ৰিলত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে দেশত কোভিডৰ দ্বিতীয় ঢৌৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগকে দোষৰোপ কৰিছিল।

দেশৰ বিভিন্ন ৰাজ্যত হোৱা বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আযোগে জনসমাগমৰ ক্ষেত্ৰত কঠোৰ ব্যৱ্স্থা গ্ৰহণ নকৰাৰ বাবেই দেশত কোভিডৰ মহা সংক্ৰমণ ঘটা বুলি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কৈছিল।

ইয়াৰ বাবে নিৰ্বাচন আয়োগৰ বিষয়াৰ বিৰুদ্ধে হত্যাৰ গোচৰ তৰাৰো পোষকতা কৰিছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ে।

মাদ্ৰাছ হাইকোৰ্টে নিৰ্বাচন আয়োগক সকীয়াই দি কৈছিল, ’’যেতিয়া ৰাজনৈতিক সভাসমূহ চলি আছিল, তেতিয়া আপোনালোকে আপোনালোকে অন্য গ্ৰহত আছিল নেকি?’’

আদালতে লগতে কয়, ‘’জনসাধাৰণ স্বাস্থ্য আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয়। দুখৰ বিষয় যে সাংবিধানিক সংস্থাক এই কথাটো মনত পেলাই দিবলগীয়া হৈছে। জনাধাৰণ বাচি থাকিলেহে তেওঁলোকে তেওঁলোকৰ অধিকাৰ উপভোগ কৰিব পাৰিব। এতিয়া জীয়াই থকাৰ যুঁজ চলিছে। বাকী সকলো পাছৰ কথা।‘

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়টোক প্ৰত্যাহ্বান জনাই নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল যদিও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডে আজি মাদ্ৰাজ উচ্চ ন্যায়ালয়কেই সমৰ্থন জনাই কয় যে উচ্চ ন্যায়ালয়ৰ ৰায়টো শুদ্ধ।

ইপিনে নিৰ্বাচন আয়োগ সন্দৰ্ভত আদালতে  কৰা মন্তব্য যাতে সংবাদমাধ্যমে প্ৰচাৰ কৰিব নোৱাৰে তাৰ বাবে আদালতে নিৰ্দেশ দিব লাগে বুলি নিৰ্বাচন আয়োগে কৰা আবেদনো আজি উচ্চতম ন্যায়ালয়ে নাকচ কৰে।

এই প্ৰসংগত উচ্চতম ন্যায়ালয়ে কয় যে সংবাদ মাধ্যমৰ স্বাধীনতাত আদালতে হস্তক্ষেপ নকৰে। সংবাদ মাধ্যমে ভাল-বেয়া সকলো বাতৰিয়েই প্ৰচাৰ কৰিব পাৰে।