NORTHEAST NOW (Assamese)

জি আই এম টি তেজপুৰত কেৰিয়াৰ সজাগতা সভা সম্পন্ন

May 19, 2019 3:26 pm · এন ই নাও নিউজ
Updated: May 19, 2019 3:34 pm
জি আই এম টি তেজপুৰৰ দেওবাৰৰ অনুষ্ঠান।

তেজপুৰ ডেকাৰগাওঁস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি তেজপুৰত দেওবাৰে অনুষ্ঠিত হয় এখনি কেৰিয়াৰ সজাগতা সভা।

মহাবিদ্যালয়খনত দেওবাৰেই অনুষ্ঠিত পেট (Polytechnic Admission Test) পৰীক্ষাৰ্থীসকলৰ সৈতে উপস্থিত থকা অভিভাৱকসকলৰ লগতে অন্যান্য আগ্ৰহী ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সহায়ক হোৱাকৈ সভাখন আয়োজন কৰা হৈছিল।

দিনৰ ১০:৩০ বজাৰ পৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত কেৰিয়াৰ পৰামৰ্শ আগবঢ়াই মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা অসমৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা বুলজিৎ বুঢ়াগোহাঁয়ে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে কিদৰে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰি সেই বিষয়ে তেওঁ বিষদ বাখ্যা আগবঢ়ায়।

প্ৰতি শনিবাৰে বিয়লি ৬ৰ পৰা ৯ বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও বুঢ়াগোহাঁয়ে লগতে অৱগত কৰে।

ইয়াৰ পূৰ্বেও যোৱা ৫ মে’ত অনুষ্ঠিত নীত ( National Eligibility cum Entrance Test) পৰীক্ষাৰ দিনাও মহাবিদ্যালয় কৰ্তৃপক্ষই অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰিছিল।

Related News