“হত্যাৰ পৰা বাচিবলৈ মহিলাসকলে লগত কণ্ডম ৰাখিব লাগে আৰু ধৰ্ষণকাৰীক সহযোগ কৰিব লাগে”, : ডেনিয়েল শ্ৰৱণ

হায়দৰাবাদাত অলপতে এগৰাকী পশু চিকিৎসকক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তে এজন চলচ্চিত্ৰ পৰিচালকে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত কৰা মন্তব্যই সমগ্ৰ দেশতে তোলপাৰ লগাইছে।

চলচ্চিত্ৰ পৰিচালক ডেনিয়েল শ্ৰৱণে ধৰ্ষণ আৰু ধৰ্ষণৰ পিছত হোৱা হত্যা ৰোধ কৰাৰ বাবে পৰামৰ্শ দি তেওঁৰ ফেচবুকত লিখিছে যে মহিলাসকলে আৰক্ষীক সহায়ৰ বাবে ফোন কৰাৰ পৰিৱৰ্তে লগত কণ্ডম ৰাখিব লাগে আৰু ধৰ্ষণকাৰীক সহযোগ কৰিব লাগে। তেনে কৰিলে ধৰ্ষণকাৰীয়ে ধৰ্ষণৰ পিছত হত্যা কৰাৰ পৰা বিৰত থাকিব।

তাৰোপৰি পৰিচালকগৰাকীয়ে ছচিয়েল মিডিয়াত লিখিছে যে ধৰ্ষণটো ইমান গুৰুতৰ অপৰাধ নহয় কিন্তু হত্যা কৰাটোহে অক্ষমনীয়।

পৰিচালক গৰাকীয়ে উল্লেখ কৰে যে ধৰ্ষণক চৰকাৰ বা ন্যায়ালয়ে বৈধ বুলি ক’লেহে ধৰ্ষণকাৰীয়ে ধৰ্ষণৰ পিছত হত্যা কৰিবলৈ এৰবি বা ইয়াক ৰোধ কৰিব পৰা যাব।

লগতে তেওঁ উল্লেখ কৰে যে হত্যা এটা পাপ বা অপৰাধ কিন্তু ধৰ্ষণ এক সংশোধনযোগ্য শাস্তি। ধৰ্ষণৰ জৰিয়তে পুৰুষে কেৱল নিজৰ যৌন প্ৰয়োজনীয়তাহে পূৰণ কৰে। আৰু মহিলাই পুৰুষৰ যৌন প্ৰয়োজনীয়তাক অগ্ৰাহ্য কৰিব নালাগে।

চলচ্চিত্ৰ পৰিচালক গৰাকীৰ এই ফেচবুক প’ষ্টটোৰ পিছতে ছচিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰাৰ লগতে তেওঁক কটু সমালোচনা কৰে।

অৱশ্যে পিছত চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে এই বিতৰ্কিত ফেচবুক প’ষ্টটো আঁতৰাই আৰু ইয়াৰ বাবে তেওঁ ক্ষমা বিচাৰি আন এটা প’ষ্ট লিখে। লগতে তেওঁ কয় যে এয়া তেওঁ এখন চলচ্চিত্ৰৰ ডাইলগহে লিখিছিল।