• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্বাধীনতাৰ সীমা

নিতুপৰ্ণ ৰাজবংশী by নিতুপৰ্ণ ৰাজবংশী
August 15, 2022 10:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ আৰু সংবিধানে বাক স্বাধীনতা দিছে, অথচ দেশ পৰিচালনা কৰা এচাম নেতাই শাসকৰ ৰূপ লৈ সময়ে-সময়ে আমাক কথা কোৱাৰ সীমা বান্ধি দিছে কিম্বা কেতিয়াবা একেবাৰে মূক হৈ থাকিবলৈ বাধ্য কৰাইছে। গণতন্ত্ৰৰ পৰিপন্থী সিদ্ধান্তৰে মানুহক মুকলিলৈ কথা কোৱাৰ, চিন্তা কৰাৰ স্বাধীনতাখিনিক কাৰাৰুদ্ধ কৰি গণতন্ত্ৰ ৰক্ষা কৰা বুলি সততে নিজৰ ঢোল পিতা কিছু শাসকে এই দেশত অৱতাৰ লৈছে। আৰু তেওঁসৱকেই আমাৰ গৰিষ্ঠসংখ্যক ‘ভেলত ভাহা’ মানুহে ঈশ্বৰ বুলি উপাসনা কৰিছে।

এই ভক্তসকলে কথা নকয়, ক’বলৈ বেয়া পায়, তেওঁলোকে ঈছৰৰ গুণ গাই ভাল পায়। আৰু ঈশ্বৰেও নিশ্চিন্তমনে তেওঁলোকৰ হিতৰ অৰ্থে পদে-পদে সাধাৰণ নাগৰিকৰ জেপ লুৰুকি হিত সাধন কৰি থাকে। বিপৰীতে দেশৰ-দহৰ হকে চিন্তা কৰা বিবেকবান মানুহক লৈ শাসক উদ্বিগ্ন হৈ থাকে, কিজানিবা তেওঁলোকৰ বেয়াখিনি বিবেকবান মানুহে সমজুৱা কৰি দিয়ে! সেয়ে দেশ আৰু সংবিধানে উচিৎৰূপত প্ৰদান কৰা বাক স্বাধীনতাৰ অধিকাৰখিনি শাসকে ন্যস্তস্বাৰ্থৰ হকে মন গ’লেই কাঢ়ি লৈছে।

নৰ্থইষ্ট নাওত পূৰ্বে প্ৰকাশ পোৱা নিতুপৰ্ণ ৰাজবংশীৰ এটা কাৰ্টুন। ।

মূঠ কথাত এনে শাসকে ‘সমালোচনা’ বেয়া পায়। তেওঁলোকে ভাল পায় বন্দনালোচনা। গণতন্ত্ৰ ৰক্ষাত সমালোচনাই আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰে। সমালোচকসকল ট্ৰেফিক পুলিচজনৰ দৰে। চৰকাৰ নামৰ গাড়ীখন ৰ’ব নে আগুৱাব সেই সংকেত অনবৰত সমালোচকে দি থাকে, আৰু যেতিয়াই এই সংকেত অৱমাননা কৰা হয় তেতিয়াই নিজৰ লগতে আনো দুৰ্ঘটনাগ্ৰস্ত হোৱাটো নিৰ্ঘাত সত্য হৈ পৰে। অৰ্থাৎ সমালোচকে ব্যক্তি স্বাৰ্থৰ কাৰণে সমালোচনাৰে সংকেত নিদিয়ে, দিয়ে দেশ আৰু দহৰ কাৰণে; কাৰণ এই সংকেততেই নিহিত হৈ থাকে গণতন্ত্ৰৰ মৰ্যাদা ৰক্ষাৰ মূল সাৰমৰ্মখিনি।

আমাৰ দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ কৰাৰ ঐতিহাসিক ক্ষণৰ সময়তো সংবাদ আৰু শিল্প মাধ্যমৰ সৈতে জড়িত থকা সাধাৰণ কৰ্মী হিচাপে অনুভৱ কৰো যে আমি স্বাধীন কিন্তু আমাৰ স্বাধীনতাখিনিক এটা সীমাত আবদ্ধ কৰি দিয়া হ’ল। বিগত প্ৰায় ২৫ বছৰে এই মাধ্যমত কাম কৰি লাভ কৰা অভিজ্ঞতাই আমাক কয় স্বাধীন দেশৰ নাগৰিক হিচাপে আমি বহু কথাই, যিবোৰ কথা মূলতঃ সাধাৰণ মানুহৰ মৌলিক অধিকাৰৰ কথা, দেশৰ কল্যাণৰ কথা, গণতন্ত্ৰৰ মান ৰক্ষাৰ কথা, সেই কথাবোৰ আমি যুক্তি আৰু সত্য তথা তথ্যৰ ভিত্তিত ক’বলৈ গ’লেই নানাপ্ৰকাৰে বাধাৰ সন্মুখীন হওঁ। অথচ এইখিনি কথা ক’বলৈ দেশৰ সংবিধানে আমাক সম্পূৰ্ণ হক আৰু স্বাধীনতা দি থৈছে।

নৰ্থইষ্ট নাওত পূৰ্বে প্ৰকাশিত নিতুপৰ্ণ ৰাজবংশীৰ এটা কাৰ্টুন।

আমাৰ কাৰ্টুন শিল্প চৰ্চা যিহেতু সংবাদ মাধ্যমৰ অংগ, সৰ্বজনবিদিত যে সংবাদ মাধ্যমক কিদৰে ৰাষ্ট্ৰই নেলুত ধৰি চেপিছে বা আন বহুতক সহজে ক্ৰয় কৰি নিজৰ গৰিমা বখানিবলৈ লগাই দিছে, এনে পৰিস্থিতিত আমি কাম কৰাৰ সময়ত পদ-পদে বাধাৰ সন্মুখীন হৈছোঁ। নৈৰ্ব্যক্তিক, বিমূৰ্ত, ফুল তৰা চৰাই আদি ইত্যাদি নৈসৰ্গিক বা কোনো চেলিব্ৰিটিৰ ছবি আঁকি থাকিলে আপুনি ভাল কলাকাৰ, পিছে সমাজৰ অন্ধকাৰখিনি স্পষ্টকৈ আঁকি উদঙাই দিলেই আপুনি পশ্চাদগামী মানসিকতাৰ মানুহ; সেয়ে ভাৰতত কাৰ্টুন শিল্প বা কাৰ্টুনিষ্টসকল অকল শাসকৰেই নহয়, অনবৰত পজিটিভ হৈ থকা বা বেয়াৰ বিৰুদ্ধ কাৰ্টুন আঁকিলেই জকজকাই উঠা পজিটিভ মানুহৰ বাবে চকুৰ কূটা দাঁতৰ শাল।সেয়ে অলপ অসহ্য পালেই কাৰ্টুনিষ্টৰ পিছত পুলিচ লগাই দিব নতুবা সামাজিক মাধ্যমযোগে ঘৰ-পৰিবাৰ সাঙুৰি অবাইচ মাত-কথাৰে অপমানিত কিম্বা মৃত্যুৰ ভাবুকি দিব।

নিতুপৰ্ণ ৰাজবংশীৰ এটা বহুচৰ্চিত কাৰ্টুন।

অৱশ্যেই এজন কাৰ্টুনিষ্টৰ বাবে এয়া পুৰস্কাৰ, কাৰণ আমাৰ ‘কাঁড়টূন’-এ সঠিক লক্ষ্যতেই বিদ্ধ কৰে। সহস্ৰজনৰ ত্যাগৰ বলত স্বাধীনতা আৰু গণতন্ত্ৰ লাভ কৰা এইখন দেশত এচামৰ হঠকাৰিতাৰ বাবে ‘স্বাধীনতা’ বন্দী। কিন্তু আমি দেশৰ সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰ ৰক্ষাৰ হকেই আমৃত্যু বদ্ধপৰিকৰ, যাতে এই দেশ সদায়ে তিৰংগাৰ দৰে আকাশমুখী হৈ মূৰ তুলি থাকিব পাৰে।

(নিতুপৰ্ণ ৰাজবংশী অসমৰ এগৰাকী জনপ্ৰিয় তথা নিৰ্ভীক কাৰ্টুনিষ্ট)

নিতুপৰ্ণ ৰাজবংশী

নিতুপৰ্ণ ৰাজবংশী

Stay Connected

  • 117k Fans

Recent News

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd