মুম্বাইৰ ৯ গৰাকী জামাতিৰ লগতে দৰঙৰ পাঁচ গৰাকী তবলিগী জামাতিৰ বিৰুদ্ধে গোচৰ ৰুজু

খাৰুপেটিয়াৰ পূৱ কমাৰপাৰা গাঁৱত ৰবিবাৰে লুকাই থকা অৱস্থাত উদ্ধাৰ কৰা মুম্বাইৰ ৯ গৰাকী লোকৰ লগতে তেওঁলোকৰ সৈতে সম্পৰ্ক থকা  মুঠ  ১৪ গৰাকী লোকৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধী আইনৰ অধীনত 119/2020) u/s 120 (B) /270/271/308 নম্বৰত এটা গোচৰ ৰুজু কৰে।

খাৰুপেটীয়াৰ চক্ৰ পৰিদৰ্শক দাখিল কৰা এজাহাৰৰ ভিত্তিত মুম্বাইৰ ৯ গৰাকী আৰু দৰং জিলাৰ তাবলিগী জামাতৰ পাঁচ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

এজাহাৰত ৰাষ্ট্ৰজোৰা ল’কডাউনৰ সময়ত ক’ৰ’না ভাইৰাছ বিয়পোৱা ষড়যন্ত্ৰৰ  অভিযোগ উত্থাপন কৰা হৈছে উল্লেখিত ব্যক্তি কেইগৰাকীৰ বিৰুদ্ধে।

নৰ্থ-ইষ্ট নাওৰ আগত দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই মুম্বাইৰ তবলিগী জামাতৰ লোক কেইগৰাকীক সোমবাৰে গুৱাহাটীলৈ কোৱাৰিণ্টাইনৰ বাবে লৈ যোৱা হৈছে বুলি কয়।

আনহাতে, গোচৰ ৰুজু কৰা দৰং জিলাৰ তাবলীগি জামাতৰ লোক কেইগৰাকী হৈছে ক্ৰমে নাজিৰুদ্দিন আহমেদ, হুছেইন আলী, মজহাৰুল ইলিয়াছ, তুফাজুল আলী আৰু পইৰুল কৰিম।