• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ছানাউল্লাহ-কাণ্ড”ৰ নতুন মোৰ : গোচৰৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ

তিনিওজনৰ নামত মিছা সাক্ষ্য সংলগ্ন কৰিছিল তদন্তকাৰী বিষয়াই; সংবাদ মাধ্যমৰ পৰাহে জানিলে তেওঁলোক “সাক্ষী” বুলি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2019 8:18 pm
Sona-Ullah-750x375The Indian Army unit at Guwahati’s Narengi area, (Sub Area 51) stands by the Ex Service Man Md. Sona Ullah (ESM) and offers all help to his family
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সেনাত কৰ্মৰত প্ৰাক্তন সেনা বিষয়া মহম্মদ ছানা উল্লাহক “ঘোষিত বিদেশী” হিচাপে গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ নিক্ষেপৰ ঘটনাটোত নতুন মোৰ দেখা গৈছে।

গোটেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাটো তদন্ত কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আজি কামৰূপ গ্ৰাম্যৰ বকো থানাত দিয়া হৈছে তিনিখনকৈ এজাহাৰ। ইয়াৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছে তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে, জনালে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তই।

Amzad Ali Ahmen FIR
আমজাদ আলী আহমেদৰ এজাহাৰখনৰ প্ৰতিলিপি।

ছানাউল্লাহৰ গোচৰটোৰ তদন্ত কৰা বিষয়াজন আছিল অসম আৰক্ষীৰ সীমান্ত শাখাৰ চন্দ্ৰমল দাস।

দেওবাৰে আমজাদ আলী আহমেদ, ছোবাহান আলী আৰু কোৰাণ আলীয়ে পৃথক পৃথকে বকো থানাত তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এজাহাৰ দাখিল কৰা এই তিনিওজনৰ নাম ছানাউল্লাহৰ বিৰুদ্ধে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত সাক্ষী হিচাপে দেখুওৱা হৈছিল। কিন্তু তিনিওগৰাকীয়ে সাক্ষী হিচাপে থকাৰ কথা অস্বীকাৰ কৰাৰ লগতে তেওঁলোক এই ঘটনাৰ বিষয়ে অৱগত নহয় বুলিহে কয়, এই কথা নৰ্থ-ইষ্ট নাওক জনালে ছানাউল্লাহৰ অধিবক্তা ছহিদুল ইছলামে।

Sobahan Ali FIR
ছোবাহান আলীৰ এজাহাৰখনৰ প্ৰতিলিপি।

 

অধিবক্তাজনে জনোৱা মতে, এওঁলোক তিনিগৰাকীক সাক্ষ্য প্ৰদানৰ বাবে মতাই নাছিল। লগতে চন্দ্ৰমল দাসে তদন্তৰ প্ৰতিৱেদনত সাক্ষী তিনিজনৰ হৈ ভুৱা চহী কৰা বুলিও অভিযোগ কৰিছে তিনিওজনে।

নিজৰ এজাহাৰখনত আমজাদ আলী আহমদে লিখিছে, “BFT case no 1978/16 গোচৰটোত মোক মিছা সাক্ষী হিচাপে নাম দিয়ে, লগতে আৰু মোৰ মিছা জবানবন্দী এটাও এই গোচৰটোত সংলগ্ন কৰি দিয়ে।”

একেদৰে ছোবাহান আলীয়ে এজাহাৰত উল্লেখ কৰিছে, “BFT case no 1978/16  গোচৰটোত তদন্তকাৰী বিষয়া তথা পদকীয়াজনে এক পৰিকল্পিত ষড়যন্ত্ৰমূলকভাৱে মোক নজনোৱাকৈ তথা অনুমতি নোহোৱাকৈ মোক এই গোচৰৰ মিছা সাক্ষা হিচাপে নাম দিয়ে তথা মোৰ জবানবন্দীও সংলগ্ন কৰি দিয়ে। লগতে গোচৰটোত মোৰ জালচহী কৰে।”

কুৰান আলীয়েও তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে অভিযোগ আনিছে মিছাকৈ সাক্ষী হিচাপে তেওঁৰ নাম দিয়া বুলি। তেওঁ সাক্ষী হিচাপে থকাৰ কথা “সংবাদ মাধ্যমৰ পৰাহে জানিব পাৰো” বুলি উল্লেখ কৰে। পদকীয়াজনৰ ওপৰত কঠোৰতম ব্যৱস্থা লোৱাৰ দাবী তুলিছে কুৰান আলীয়ে।

Kuran Ali FIR
কোৰান আলীৰ এজাহাৰখনৰ প্ৰতিলিপি।

শেহতীয়া খবৰ মতে, প্ৰাক্তন সেনা বিষয়াজনক বিদেশী সজাই ডিটেনশ্যন কেম্পত ৰখোৱাক কেন্দ্ৰ কৰি জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীৰ নেতৃত্বত তিনিজনীয়া অধিবক্তাই উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে।

পাঁচ দিনৰ পিছত বিষয়টোত মুখ্য মন্ত্ৰীয়ে মুখ খুলিলে

প্ৰাক্তন সেনা বিষয়া, আৰক্ষী বিষয়া ছানাউল্লাহক “ঘোষিত বিদেশী” সজাই গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা বিষয়টোত পাঁচ দিনীয়া মৌন ব্ৰতৰ পিছত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা বাক্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সোণোৱালে কয়, “যিহেতু গোটেই বিষয়টো বিদেশী ন্যায়াধিকৰণৰ ফালৰ পৰা পৰিচালনা কৰা হৈছে, গতিকে পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে।”

উল্লেখ্য যে “ঘোষিত বিদেশী”ত পৰিণত হৈ বৰ্তমান গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত থকা ছানাউল্লাহ কামৰূপ জিলাৰ বকো অঞ্চলত ১৯৬৭ চনত জন্ম গ্ৰহণ কৰিছিল। নথি মতে, তেওঁ ভাৰতীয় সেনাত ১৯৮৭ চনত যোগদান কৰিছিল আৰু এজন অনাৰেৰি কেপ্টেইন হিচাপে ২০১৭ চনত অৱসৰ লৈছিল।

বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশৰ পিছত অসম আৰক্ষীয়ে তেওঁক যোৱা ২৮ মে’ত কামৰূপ জিলাৰ বকোৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am
মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am
ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

ধৰ্ম অৱমাননা কৰাৰ অভিযোগত ভাবুকি; অভিনেত্ৰী দিশা পাটানীৰ ঘৰৰ বাহিৰত গুলীচালনা!

September 13, 2025 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd