আপোনাৰ বাৰু নিশা টোপনি নাহে নেকি? বহু চেষ্টা কৰিও শুব নোৱাৰে নেকি আপুনি? বা শুলেও খুবেই পাতল হয় নেকি? নিশা এবাৰ সাৰ পাই গ’লে আকৌ টোপনি আহিবলৈ ঘন্টা জুৰি অপেক্ষা কৰিবলগা হয় নেকি আপুনি? যদি আপুনি এই অসুবিধাৰ সন্মুখীন হৈছেৰ তেন্তে আপুনি অনিদ্ৰাৰ স্বীকাৰ হৈছে।
অনিদ্ৰা হৈছে এক প্ৰকাৰৰ ৰোগ। যাক ইংৰাজীত ‘ইনচ’মেনিয়া’ বুলি কোৱা হয়। ইয়াৰ ফলত দিনৰ ভাগত ভাগৰুৱা অনুভৱ কৰাৰ লগতে মনটো খিংখিঙীয়া হৈ পৰে। অনিদ্ৰাৰ ফলত কোনো কাম কাজত মনোনিৱেশ কৰাত অসুবিধাৰ সৃষ্টি হয়। লগতে দীৰ্ঘদিনীয়া অনিদ্ৰাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ লগতে না না ৰোগৰ সৃষ্টি কৰিব পাৰে।
বিভিন্ন কাৰণত এই ধৰণৰ অনিদ্ৰাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আহকচোন জানি লওঁ অনিদ্ৰা বা ইনচ’মেনিয়াৰ কাৰণসমূহ কি কি –
১) মানসিক কাৰক
মানসিক চাপ, উদ্বেগ, হতাশা বা অন্যান্য মানসিক স্বাস্থ্যজনিত বিকাৰে অনিদ্ৰাত অৰিহণা যোগাব পাৰে। চিন্তা বা মানসিক অশান্তিয়ে টোপনি অহাত বাধা দিব পাৰে।
২) জীৱনশৈলীৰ কাৰক
কিছুমান অভ্যাস বা আচৰণেও টোপনিত ব্যাঘাত জন্মাব পাৰে। যেনে- কেফেইন বা মদ্যপানৰ অত্যধিক সেৱন, অনিয়মিত টোপনিৰ সময়সূচী, শোৱাৰ আগতে মোবাইল বা লেপটপ চাই থকা, ভয়ানক বা আৱেগিক চিনেমা, দৃশ্য চোৱা বা আৱেগিক কথা মনলৈ অনা।
৩) চিকিৎসাজনিত সমস্যা
দীৰ্ঘদিনীয়া বিষ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, গেষ্ট্ৰাইটিছৰ সমস্যা, হৰম’নৰ ভাৰসাম্যহীনতা, থাইৰয়ডৰ বা স্নায়ুজনিত সমস্যাৰ ফলতো অনিদ্ৰাই দেখা দিব পাৰে।
৪) ঔষধ
এন্টিডিপ্ৰেছন, উদ্দীপক, কৰ্টিক’ষ্টেৰয়ডকে ধৰি কিছুমান ঔষধে টোপনিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি অনিদ্ৰাত অৰিহণা যোগাব পাৰে।
অনিদ্ৰাৰ চিকিৎসাত সাধাৰণতে অনিদ্ৰাৰ কাৰণসমূহৰ সমাধান, আচৰণ আৰু জীৱনশৈলীৰ পৰিৱৰ্তন সংযুক্ত হৈ থাকে।
কিদৰে পৰিত্ৰাণ পাব অনিদ্ৰাৰ সমস্যাৰ পৰা ?
১) শোৱাৰ ক্ষেত্ৰত সময় নিৰ্দিষ্ট সময়সূচী মানি চলক । সদায় এটা নিৰ্দিষ্ট সময়ত শুবলৈ যাওক আৰু এটা নিৰ্দিষ্ট সময় শুই উঠাৰ অভ্যাস গঢ়ি তোলক।
২) টোপনিৰ বাবে আপোনাৰ শোৱনি কোঠাত এটা ভাল পৰিৱেশ সৃষ্টি কৰক। শোৱা কোঠাত পৰ্যাপ্ত আন্ধাৰ আৰু নিস্তব্ধতা বজাই ৰাখক। বিচনালৈ যোৱাৰ আগতে উদ্দীপক কাৰ্য্যকলাপ পৰিহাৰ কৰক। নিশা কেফেইন জাতীয় পানীয় ত্যাগ কৰাৰ লগতে মদ্যপান সীমিত কৰক।
৩) কিছুমান ক্ষেত্ৰত চিকিৎসকে টোপনি অহাত সহায়ক হোৱাকৈ হ্ৰস্বম্যাদী টোপনিৰ ঔষধ (হিপ্নোটিক) প্ৰেছক্ৰিপচন দিব পাৰে। কিন্তু নিৰ্ভৰশীলতা আৰু পাৰ্শ্বক্ৰিয়াৰ আশংকাৰ বাবে এই ঔষধসমূহ সাধাৰণতে কম সময়ৰ বাবে ব্যৱহাৰ কৰা হয়। চিকিৎসকে পৰামৰ্শ প্ৰদান কৰিলে এনে ঔষধৰ দ্বাৰা টোপনি ঘূৰাই আনিব পাৰে।
৪) যদি কোনো মানসিক অস্থিৰতাৰ বাবে অনিদ্ৰাৰ সৃষ্টি হয়, তেন্তে প্ৰাথমিক চিকিৎসা কৰিলে টোপনিৰ অসুবিধা দূৰ হ’ব পাৰে। ইয়াৰ বাবে বিষ নিয়ন্ত্ৰণ কৰা, উদ্বেগ বা হতাশাৰ সৈতে সমস্যাৰ লগত মোকাবিলা কৰা আদি কাৰ্যকলাপ সংযুক্ত হৈ থাকে।
৫) সুষম খাদ্য গ্ৰহণে আপোনাৰ টোপনিৰ মানদণ্ড উন্নত কৰিব পাৰে। ইয়াৰ উপৰিও মিঠা আলু্, কুকুৰা, টাৰ্কি, মাছ, টফু, আলমণ্ড, কচু, চেৰী, ডাৰ্ক চকলেট আদি খাদ্যই নিজৰ পুষ্টি গুণৰ বাবে ভাল টোপনি অহাত সহায় কৰে। লগতে পৰ্যাপ্ত পৰিমাণে পানী খাওক।
৬) নিতৌ পুৱা গধূলি শৰীৰৰ পৰা ঘাঁম ওলোৱাকৈ ব্যায়াম কৰক। খেলা-ধূলা, জিম, যোগাসন, শাৰীৰিক পৰিশ্ৰমে অনিদ্ৰা দূৰ কৰি ভাল টোপনি অহাত সহায় কৰিব পাৰে।
৭) সুস্থ যৌন সম্ভোগ বা হস্তমৈথুনেও টোপনি অহাত সহায় কৰে বুলি বিশেষজ্ঞ সকলে দাবী কৰে। গতিকে, ভাল টপনিৰ বাবে নিশা শোৱাৰ আগত সুস্থ যৌন সম্ভোগ বা হস্তমৈথুনৰ সহায় ল’ব পাৰে।
যদিহে আপুনি গুৰুতৰ অনিদ্ৰাৰ সমস্যাত ভুগিছে আৰু অনিদ্ৰাই আপোনাৰ শৰীৰত না না ৰোগৰ সৃষ্টুই কৰিছে তেন্তে টোপনি বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক । আপোনাৰ লক্ষণ আৰু সমস্যাৰ ওপৰত ভিত্তি কৰি চিকিৎসকে চিকিৎসা আৰু পৰামৰ্শ আগবঢ়াব পাৰে।