বিত্তীয় কেলেংকাৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিজনক ৫ বছৰকৈ কাৰাদণ্ড

Guwahati University

প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী বিশ্ববিদ্যালয়ত ১৫ বছৰৰ পূৰ্বেই সংঘটিত হোৱা প্ৰায় ৩৫ লাখ টকাৰ এটা কেলেংকাৰিত বিশ্ববিদ্যালয়খনৰ তেতিয়াৰ চাৰিজন কৰ্মচাৰীক দোষী সাব্যস্ত কৰিছে চি বি আইৰ বিশেষ আদালতে। এই চাৰিওজনকে ৫ বছৰকৈ কাৰাদণ্ড ৰায় দিছে আদালতখনে। জানিব পৰামতে, কৰ্মচাৰীকেইজনে উক্ত পৰিমাণৰ টকা বিশ্ববিদ্যালয়ৰ একাউণ্টত জমা হোৱা বুলি ভুৱাকৈ দেখুৱাইছিল।

২০০৩ চনতে সংঘটিত হোৱা কেলেংকাৰিটোৰ তদন্ত ২০০৫ চনত চি বি আইক অৰ্পণ কৰিছিল ৰাজ্য চৰকাৰে।

শাস্তিৰ সন্মুখীন হোৱা কৰ্মচাৰীকেইজন হ’ল ক্ৰমে কুমুদ বৰ্মন (মুখ্য কেছিয়াৰ), নগেন চন্দ্ৰ শৰ্মা (মুখ্য কেছিয়াৰ), ৰামগোপাল প্ৰসাদ (মুখ্য কেছিয়াৰ) আৰু বিত্ত বিভাগৰ নিৰাপত্তা ৰক্ষী দীপক কলিতা।

গুৱাহাটীস্থিত চি বি আইৰ বিশেষ আদালতে এই কেওজনকে ৫ বছৰকৈ কাৰাদণ্ড দিয়ে। ইয়াৰে নগেন চন্দ্ৰ শৰ্মা আৰু কুমুদ বৰ্মনক ৫ বছৰ কাৰাদণ্ড বিহাৰ লগতে ৫ লাখ টকাকৈ জৰিমনা আদায়ৰ নিৰ্দেশ দিছে। জৰিমনা দিব নোৱাৰিলে দুয়োজন কৰ্মচাৰীয়ে অতিৰিক্ত এবছৰকৈ কাৰাবাস খাটিব লাগিব।

আনহাতে কনিষ্ঠ কেছিয়াৰ হিচাপে কৰ্মৰত ৰামগোপাল প্ৰসাদ আৰু নিৰাপত্তা ৰক্ষী দীপক কলিতাক ৫ বছৰ কাৰাদণ্ড আৰু দুই লাখ টকাকৈ জৰিমনা আদায়ৰ নিৰ্দেশ দিয়ে। জৰিমনা অবিহনে দুয়োজন কৰ্মচাৰীয়ে অতিৰিক্ত এবছৰ কাৰাবাস খাটিব লাগিব।

জানিব পৰা মতে, বিত্তীয় কেলেংকাৰিটোত ৩৪,৬৭,৮১৬ টকাৰ কেলেংকাৰি সংঘটিত হৈছিল। উক্ত কেলেংকাৰি সন্দৰ্ভত ২০০৩ চনত জালুকবাৰী থানাত এটা গোচৰ ৰুজু হৈছিল। জালুকবাৰী থানাই ইয়াৰ তদন্ত কৰি থকাৰ মাজতে ২০০৫ চনত ৰাজ্য চৰকাৰে কেলেংকাৰিটোৰ তদন্ত চি আইক অৰ্পণ কৰিছিল। চি বি আয়ে আৰ চি ১৫ (এ)/২০০৫-জি ডব্লিউ এইচ্ছ নম্বৰৰ গোচৰ ৰুজু কৰি কেলেংকাৰিটোৰ তদন্ত কৰে। ২০০৮ চনৰ ২৬ ডিচেম্বৰত তদন্তকাৰী সংস্থাটোৱে উক্ত কৰ্মচাৰী চাৰিজনক অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। চি বি আইৰ বিশেষ আদালতে চাৰিওজন কৰ্মচাৰীক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ (বি), ৪০৯, ৪৬৮ আৰু ৪৭১ ধাৰাত দোষী সাব্যস্ত কৰাৰ লগতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনতো দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰে।