লুই বাৰ্জাৰ কেলেংকাৰি : চি বি আয়ে মধ্যভোগীক সন্মুখত ৰাখি জেৰা কৰিব আশিস ভুটানীক

Ashis Bhutani

আই এছ বিষয়া আশিস কুমাৰ ভুটানী। ফাইল ফটো।

গোটেই দেশজুৰি চৰ্চা লাভ কৰা লুই বাৰ্জাৰ কেলেংকাৰিত নাম সাঙোৰ খোৱা আৰু কেলেংকাৰিটো সংঘটিত হোৱাৰ সময়ত গুৱাহাটী উন্নয়ন বিভাগৰ সচিব হিচাপে নিযুক্ত হৈ থকা আশিস ভুটানীক চি বি আয়ে পুনৰ জেৰা কৰাৰ সম্ভাৱনা আছে।

এই কথা চি বি আইৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে। জানিব পৰামতে, গুৱাহাটী পানী যোগান আঁচনিৰ প্ৰজেক্ট ৰিপ’ৰ্ট প্ৰস্তুত কৰাৰ বিনিময়তে ৬ কোটি টকাৰ লেনদেন হৈছিল, য’ত আই এ এছ বিষয়া আশিস ভুটানীৰ নাম সাঙুৰ খাই আছে।

কেলেংকাৰিটোৰ তদন্তকাৰী সংস্থা চি বি আয়ে দিল্লীত ইতিপূৰ্বে এবাৰ ভুটানীক জেৰা কৰিছিল যদিও পুনৰ জেৰা কৰিবলৈ তেওঁক দিল্লীলৈ মতাৰ সম্ভাৱনা আছে। এইবাৰ ভুটানীক মধ্যভোগীকেইজনৰ সন্মুখত জেৰা কৰা হ’ব বুলি সূত্ৰটোৱে জনাইছে। মন কৰিব লগীয়া যে অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া ভুটানীয়ে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব হিচাপে কাম কৰি আছে।

উল্লেখযোগ্য যে কেলেংকাৰিটোৰ তদন্তকাৰী সংস্থা চি বি আয়ে গুৱাহাটীত প্ৰায় এসপ্তাহ বাহৰ পাতি ইতিমধ্যে জি এম ডি এ আৰু জি ডি ডিৰ দুই প্ৰাক্তন শীৰ্ষ বিষয়া প্ৰীতম শইকীয়া আৰু পমী বৰুৱাক জেৰা কৰিছে।

অৱশ্যে কেলেংকাৰিটোৰ এজন মূল ব্যক্তি বুলি সন্দেহ কৰা আৰু নাম চৰ্চা হোৱা মন্ত্ৰী ড০ হিমন্ত বিশ্বক তদন্তকাৰী সংস্থাটোৱে জেৰা নকৰাক লৈ সন্দেহৰ উদ্ৰেক হৈছে। প্ৰধান গোচৰীয়া স্বৰাজ অসমৰ ভৱেন সন্দিকৈয়েও এই ক্ষেত্ৰত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

আনহাতে বিজেপিয়ে বিগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত হোৱা কেলেংকাৰিবোৰৰ তালিকাৰ সৈতে প্ৰকাশ কৰা পুস্তিকাত লুই বাৰ্জাৰ কেলেংকাৰিক অন্তৰ্ভুক্ত কৰি তাত মন্ত্ৰী হিমন্তক মূল অভিযুক্ত হিচাপে নাম উল্লেখ কৰিছিল।