মণিপুৰৰ মেইটেই সংগঠনসমূহৰ তীব্ৰ বিৰোধিতাৰ মাজতো কেন্দ্ৰীয় চৰকাৰে কুকি-জো বিদ্ৰোহী গোটসমূহৰ সৈতে ছাচপেনচন অৱ অপাৰেচনছ (SoO) চুক্তি নবীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৪ ছেপ্তেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু কুকি গোটৰ মাজত দিল্লীত অনুষ্ঠিত আলোচনাত দুয়োপক্ষই যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। মেইটেই গোটসমূহে অভিযোগ উত্থাপন কৰিছে যে মণিপুৰত চলি থকা জাতিগত হিংসাৰ সময়ত কুকি-জো উগ্ৰপন্থীয়ে যুদ্ধবিৰতিৰ মৌলিক নিয়ম উলংঘা কৰিছে।
আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ লগতে কুকি নেচনেল অৰ্গেনাইজেচন (KNO) আৰু ইউনাইটেড পিপলছ ফ্ৰণ্টৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। মণিপুৰৰ বিষয়াসকল উপস্থিত থাকিলেও ৰাজনৈতিক আলোচনাৰ পৰা তেওঁলোকক আঁতৰাই ৰখা হৈছিল। সূত্ৰৰ মতে, কুকি-জো গোটৰ ‘পৃথক প্ৰশাসন’ৰ দাবীৰ বিষয়ে কেন্দ্ৰই কোনো প্ৰতিশ্ৰুতি দিয়া নাই, যদিও শীঘ্ৰেই এই চুক্তি নবীকৰণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
এই সিদ্ধান্ত চলিত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্ভাৱ্য মণিপুৰ ভ্ৰমণৰ পূৰ্বে গ্ৰহণ কৰিছে। ২০২৩ চনৰ পৰা আাৰম্ভ হোৱা জাতিগত সংঘৰ্ষত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু আৰু ৬০ হাজাৰতকৈ অধিক লোক স্থানচ্যুত হোৱাৰ পিছতো মণিপুৰত এতিয়াও ৰাষ্ট্ৰপতিৰ শাসন অব্যাহত আছে। সম্প্ৰদায়সমূহৰ মাজত গভীৰ বিভেদৰ মাজত এই নবীকৰণৰ সিদ্ধান্তই উত্তেজনা বৃদ্ধি আশংকা কৰিছে।