শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ উদ্যোগত পঞ্চদশ ৰাভা দিৱস পালন

20200620_133551

আজি ২০জুন। বিশ্ববিশ্ৰুত গণশিল্পী বিষ্ণু ৰাভাৰ মৃত্যু বাৰ্ষিকী।

বিষ্ণু ৰাভাৰ সৃষ্টিৰাজীয়ে অসমৰ সমাজ জীৱনত আলোড়িত কৰি আছে। ১৯০৯ চনৰ ৩১ জানুৱাৰীত বিষ্ণু ৰাভাৰ জন্ম হৈছিল। প্ৰথমে শিক্ষা বাংলা ভাষাত আৰম্ভ কৰিছিল।

১৯২৬চনত তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক প্ৰথম বিভাগত উৰ্ত্তীণ হয়। ১৯২৮ আই.এচ.চি পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয়।

তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি সকলোৱে সমাদৰ লাভ কৰে তেতিয়াই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ‘কলাগুৰু’ হিচাপে উপাধি প্ৰদান কৰিছিল।

নৃত্য, গীত- সুৰ, অভিনয়ে অসমীয়া সমাজত অতুলনীয় অৱদানৰ দি গৈছে।১৯৬৯ চনৰ ২০ জুনত এই জন মহান শিল্পীৰ জীৱন অন্ত পৰিছিল।

এই গৰাকী মহান ব্যক্তিৰ মৃত্যুৰ দিনটো সমগ্ৰ ৰাজ্যত ৰাভা দিৱস হিচাপে পালন কৰা হয়। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো পালন কৰা হয় ৰাভা দিসৱ।

শিৱসাগৰ জিলা সাংস্কৃতি মহাসভাৰ উদ্যোগত আজি পঞ্চদশ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়।

শিৱসাগৰ জিলা পুথিভঁৰাল চৌহদত অনুষ্ঠিত ৰাভা দিৱসত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে।

শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ সম্পাদক ত্ৰলোক্য দত্তই আঁতধৰা অনুষ্ঠানটোত সংগীত শিল্পী অসীমা বৰুৱা, হেম শইকীয়া জান্টুমণি শইকীয়াকে ধৰি বহু শিল্পীয়ে গীত পৰিবেশন কৰে।

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী বসন্ত দত্ত, প্ৰাক্তন পৌৰপতি মৃধুস্মিতা সিনহা, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবীণ শৰ্মাকে ধৰি বহু গণ্যমান্য ব্যক্তি।

অনুষ্ঠানটোত সদ্য প্ৰয়াত শিৱসাগৰৰ প্ৰবীন সাংবাদিক, শিক্ষাবিদ গুণ বৰুৱা দেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

আনহাতে সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ সামাজিক দূৰত্ব মানি সকলোৱে মাস্ক পৰিধান কৰি আজি ৰাভা দিৱস উদযাপন কৰা হয়।