আজি ডিচেম্বৰ ৫ তাৰিখ বুধবাৰে কাজিৰঙাৰ সৈতে জড়িত এটা প্ৰাচীন লোককথাৰ নায়িকা কাজিৰ ৰংহাংপীক শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে ডিফুৰ পৰা প্ৰায় ১৭৭ কিঃমিঃ দূৰত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কহঁৰাত এটা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ চিন স্বৰূপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে ৫ ডিচেম্বৰ তাৰিখটো বন্ধৰ দিন ঘোষণা কৰিছে।
আজিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলীৰাম ৰংহাং। দুৱাৰবাগৰি স্বায়ত্ব শাসিত পৰিষদ সদস্য সমষ্টিৰ অন্তৰ্গত কিন্দোলাংছত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি ৰংহাঙে কয় যে ৰাজিৰঙাৰ উন্নয়নৰ বাবে ১০,০০০ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ পৰা কাৰ্বি আংলং জিলা অধিক উপকৃত হ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে।
‘‘বিগত সময়ত প্ৰদান কৰা কাজিৰ ৰংহাপী কিন্দুলাংছ স্মাৰক উদ্যানৰ সীমা দেৱাল, প্ৰৱেশদ্বাৰ সম্পূৰ্ণ হৈ উঠিছে। প্ৰধান মন্ত্ৰীৰ বিশেষ পেকেজেৰে নিকটবৰ্তী কাইফোলাংছ এলেকাটোত এটা পৰ্যটনস্থান হিচাপে গঢ়ি তোলা হ’ব।’’ তেওঁ আৰু কয় ‘‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিৱেশ সংৱেদনশীল মণ্ডল কাৰ্বি আংলঙত অন্তৰ্ভুক্ত নহয়। আমি ইয়াক অন্তৰ্ভুক্ত কৰাৰ বাবে সাম্ভাব্য সকলো আইনী প্ৰচেষ্টা কৰি যাম।’’
তেওঁ আৰু কৈছে যে অহা ১১ ডিচেম্বৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিৰ ‘টীম কাৰ্বি আংলং’ গোটটো চিনথং স্বায়ত্ব শাসিত পৰিষদ সদস্য সমষ্টিৰ অন্তৰ্গত মুৰাতলৈ আহিব।
কিংবদন্তী অনুসৰি, কাজিৰ ৰংহাংপীক সৃষ্টিকৰ্তা ‘ছংছাৰ ৰিছো’ৱে মানৱ জাতিক ধানখেতি কৰিবলৈ শিকোৱাৰ বাবে পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। তেওঁৰ পৰাই এই ঠাইখনৰ নাম কাজিৰঙা হৈছে।
কাজিৰ ৰংহাংপী হক ৰংহাং আৰু বং ই তেৰপীৰ জীয়ৰী আছিল। হক ৰংহাং আছিল এগৰাকী কাৰ্বি মুখিয়াল। বৰ্তমানৰ কাজিৰঙা আছিল তেওঁৰ এলেকা। কাৰিৰৰ বায়েক আছিল কাদিং ৰংহাংপী আৰু ভায়েক আছিল ছাৰছমন ৰংহাং। সৰুৰে পৰা কাজিৰৰ গাত দৈৱ লক্ষণ দেখা গৈছিল আৰু তাকে দেখি তেওঁক দেৱদূতসকলে স্বৰ্গলৈ লৈ গৈছিল। কিন্তু নিজৰ মাক দেউতাকক বিছাৰি কাজিৰে পুনৰ পৃথিৱালৈ উভতি আহে। তেওঁ পৃথিৱালৈ অহাৰ সময়ত পথাৰত হাল বাবলৈ এহাল গঁড় লৈ আহে। তেওঁ নিজৰ কাম স্পূৰ্ণ কৰি পুনৰ স্বৰ্গলৈ উভতি যায়। যোৱাৰ সময়ত তেওঁ তেওঁৰ ভায়েক ছাৰছমনক ধান খেতি কৰিবলৈ শিকাই থৈ যায়। কাজিৰে বাস কৰা বাস কৰা ঠাইখিনিক কাজিৰ আৰং অৰ্থাৎ কাজিৰ গাঁও বুলি কোৱা হয়। সময়ত এই ঠাইখিনিৰ নাম লাহে লাহে কাজিৰঙালৈ ৰূপান্তৰিত হয়।