কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ আৰু ১১ জানুৱাৰীত বিৰল প্ৰজাতিৰ দল হৰিণৰ বিভাগীয় গণনা

Screenshot_2022-01-09-13-24-20-68_40deb401b9ffe8e1df2f1cc5ba480b12

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব বিৰল প্ৰজাতি দল হৰিণৰ গণনা ৷ দল হৰিণ ভাৰতত পোৱা বাৰা শিঙা নামৰ হৰিণৰ উপ প্ৰজাতি৷

ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা বাৰাশিঙা হৰিণৰ উপ প্ৰজাতিক পুৰ্বাঞ্চলীয় দল হৰিণ বা ইংৰাজীত Eastern swamp deerবুলি কোৱা হয় ৷ পৃথিবীৰ ভিতৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাতহে পুৰ্বাঞ্চলীয় দল হৰিণ দেখিবলৈ পোৱা যায় ৷

বিলুপ্ত প্ৰায় এই দল হৰিণ এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল যদিও সম্প্ৰতি কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানতহে এই হৰিণৰ অৱশিষ্ট বাচি আছেগৈ ৷

১০ আৰু ১১ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দল হৰিণ বসতিৰ দুটা বন সংমণ্ডল ক্ৰমে পূব অসম বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলত পূৰ্বাঞ্চলীয় দল হৰিণৰ গণনা কৰা হ’ব ৷

লগতে পঢ়ক: মোহভংগ! এইবাৰ বিজেপিলৈ নহয়, বিজেপি-এজিপিৰ পৰা কংগ্ৰেছ দলত যোগদান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২৪গৰাকী গননাকাৰীয়ে পূব অসম বন্যপ্ৰাণী সংমণ্ডলত আৰু ৭ গৰাকী গণনাকাৰীয়ে বিশ্বনাথ বন সংমণ্ডলত দল হৰিণৰ গণনা কৰিব ৷

গননাকাৰীৰ ভিতৰত বন্যপ্ৰাণী বিশেষজ্ঞ, বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিআৰু বনবিষয়া থাকিব ৷

পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫ টা বনাঞ্চলৰ ৪ টা বনাঞ্চলত ২৪ গননাকাৰীয়ে বিভাগীয় হাতীত উঠি গননাকাৰীয়ে দল হৰিণৰ গণনা কৰিব ৷ ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনত ১১ জানুৱাৰীত পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷

পূব অসম বন্যপ্ৰাণী সংমণ্ডলত গননাকাৰীয়ে ২৪ টা আৰু বিশ্বনাথ বনসংমণ্ডলৰ ৭ টা স্থানত গণনাকাৰীয়ে দল হৰিণ গননা কৰিব ৷ ইয়াৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰা হৈছে বুলি জনাইছে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷

লগতে পঢ়ক: ৰাজ্যত নৈশ কাৰ্ফিউৰ সময়ত অব্যাহত আছে গৰু, অবৈধ সুৰাৰ চোৰাং সৰবৰাহ

১০ জানুৱাৰীত গণনাকাৰী সকলক গননাৰ সবিশেষ জনাই এক প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰয়োজনীয় সমগ্ৰীও যোগান ধৰা হ’ব ৷ ১১ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা বনাঞ্চলত হাতীত উঠি দল হৰিণৰ গণনা কৰিব ৷ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত এটা উচ্চস্তৰীয় দলে এই গণনা কাৰ্য পৰ্যবেক্ষণ কৰিব ৷

উল্লেখ্য ২০০৭ চনৰ পৰা কাজিৰঙাত আৰম্ভ কৰা দল হৰিণ গণনাত ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮ টা আৰু ২০১৮ চনত ৮৫১টা দল হৰিণ পোৱা গৈছিল ৷ একেদৰে বিশ্বনাথ বনসংমণ্ডলত প্ৰথম বাৰৰ বাবে কৰা গণনাত ২০১৮ চনত ৫৬ টা দল হৰিণ পোৱা গৈছিল ৷