সন্ত্ৰাসবাদী কাৰ্যকলাপ দমনৰ বাবে ডাঙৰ পদক্ষেপ; কেন্দ্ৰই নিষিদ্ধ কৰিলে ১৪টা মেছেজিং এপ

প্রতিনিধিত্বমূলক ফটো।

Center bans 14 mobile messenger apps সন্ত্ৰাসবাদী কাৰ্যকলাপ দমনৰ ক্ষেত্ৰত কেন্দ্ৰই এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। জম্মু-কাশ্মীৰত নিষিদ্ধ কৰা হ’ল ১৪টা মেছেজিং এপ। চোৰাংচোৱা তথ্য অনুসৰি সন্ত্ৰাসবাদীয়ে এই এপসমূহৰ জৰিয়তে সমৰ্থক আৰু গ্ৰাউণ্ড ৱৰ্কাৰৰ সৈতে যোগাযোগ কৰি আছিল। আনকি ইয়াৰ জৰিয়তে পাকিস্তানৰ সন্ত্ৰাসবাদী নেতাসকলে উপত্যকাটোৰ সন্ত্ৰাসবাদীসকলক নিৰ্দেশনা দিছিল।

বাতৰি মতে, নিষিদ্ধ এপসমূহ হ’ল Crypviser, Enigma, Safeswiss, Wickrme, Mediafire, Briar, BChat, Nandbox, Conion, IMO, Element, Second Line, Zangi  আৰু Threema। এজন চোৰাংচোৱা বিষয়াই কয় যে এই মেচেঞ্জাৰ এপসমূহ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিপদজনক হৈ পৰিছিল।

লগতে পঢ়ক: ছিৰিয়াত আইছিছৰ মুৰব্বী আবু হুছেইন আল কুৰেছীক হত্যা কৰাৰ দাবী তুৰস্কৰ

তেওঁ জানিবলৈ দিয়ে যে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰস্তুতি, চোৰাং তথ্য সৰবৰাহ আৰু দেশত তেওঁলোকৰ সমৰ্থকৰ সৈতে যোগাযোগ ৰখাৰ কাম এই এপসমূহৰ জৰিয়তে কৰা হৈছিল। লগতে এই এপসমূহে ভাৰতীয় আইন উলংঘা কৰা বুলিও অভিযোগ  উত্থাপন হৈছিল। এপসমূহ নিৰীক্ষণ কৰা হৈছিল। ইয়াৰ পিছত কেন্দ্ৰই ইয়াক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। আই টি ধাৰা ৬৯-এৰ অধীনত ‘বিপজ্জনক’ এপসমূহ ব্লক কৰা হৈছে।

জানিব পৰা মতে, এই এপসমূহৰ চাৰ্ভাৰ বিভিন্ন দেশত আছে। এই কাৰণেই তেওঁলোকৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ সময় লাগিছিল। আনহাতে, সন্ত্ৰাসবাদী সংগঠনসমূহে এই সুযোগ গ্ৰহণ কৰিছিল।

লগতে পঢ়ক: হাজাৰ হাজাৰ হীৰা খচিত আঙঠি! গিনিজ বুকত নাম সোমাল ভাৰতীয় কোম্পানীৰ; মূল্য কিমান?

এজন চোৰাংচোৱা বিষয়াই জনোৱা মতে একাধিক অভিযানত নিহত সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কৰা মোবাইল ফোনত এই সকলোবোৰ এপ পোৱা গৈছে। সকলো দিশ চোৱাৰ পিছত জম্মু-কাশ্মীৰত ১৪টা এপ নিষিদ্ধ কৰা হৈছে।