NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

November 18, 2021 10:10 am · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: November 18, 2021 10:19 am

কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ , শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বুধবাৰে বঙাইগাঁৱস্থিত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত উপস্থিত হৈ নৱ নিৰ্মিত কাৰ্যালয়টো পৰিদৰ্শন কৰে ।

মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীসহ কাৰ্যকৰ্তা সকলে মন্ত্ৰী তেলীক আদৰণি আৰু সম্বৰ্ধনা জনায় ।

ইয়াৰ পিছতে দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকলৰ উপস্থিতিত এক অনুষ্টুপীয়া সভা অনুষ্ঠিত হয় ৷

বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ পৌৰহিত্বত অনুষ্ঠিত সভাত পেট্ৰোলিয়াম মন্ত্ৰী গৰাকীয়ে দলীয় সাংগঠনিক দিশ অধিক শক্তিশালী কৰা, অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জন কল্যাণমূলক আঁচনি, শ্ৰমিক সকলৰ ই-শ্ৰম কাৰ্ড আদিৰ সন্দৰ্ভত বিষদভাৱে বক্তব্য ৰাখি আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ বাবে আহ্বান জনায় ।

বিজেপি দলৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে আগন্তুক বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠক সন্দৰ্ভত বিভিন্ন দিশ সমূহ পৰ্যালোচনা কৰে ।

সভাত চিৰাং জিলাৰ বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়ে দলৰ মতাদৰ্শৰ ওপৰত বক্তব্য ৰাখি কয় যে বিজেপিত কোন মন্ত্ৰী, কোন বিধায়ক, কোন দলৰ বিষয়ববীয়া বা কোন তৃণমূল পৰ্যায়ৰ কৰ্মী সেয়া বিচাৰ কৰা নহয়৷

সকলোৱে সমান আৰু সকলো দলীয় কাৰ্যকৰ্তা ৷ বঙাইগাঁও জিলা বিজেপিৰ উপ সভাপতি কৌস্তভ দাস , সাধাৰণ সম্পাদকদ্বয় শংকৰ বিশ্বাস , জ্যোতিৰ্ময় সৰকাৰকে আদি কৰি দলীয় কাৰ্যকতা সকল উপস্থিত থকা সভাৰ অন্তত যোৱা ১৫ নৱেম্বৰৰ নিশা মটৰ চাইকেল দুৰ্ঘটনাত নিহত হোৱা সৃজনগ্ৰাম মণ্ডলৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলাৰ কাৰ্যকৰ্তা ধনজিৎ দাসৰ বিদেহী আত্মাৰ সদগতি কামনাৰ্থে এক মিনিট মৌনতা অৱলম্বন কৰা হয় ৷

Related News