নাগৰিকত্ব বিধেয়কক লৈ অসন্তুষ্ট কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ জনাই থকাৰ সময়তে বিধেয়কখনৰ প্ৰতি অসন্তুষ্ট ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সহযোগী দল ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াই। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে আজি বৰপেটা চহৰত উপস্থিত হৈ বিধেয়কখনৰ প্ৰতি থকা অসন্তুষ্টিৰ কথা ব্যক্ত কৰে।

দলটোৰ জিলা কাৰ্যালয় আথাৱালে ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে, উত্তৰ-পূবৰ লোকৰ আৱেগ-অনুভূতিক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়া উচিত। উত্তৰ-পূবৰ ৰাইজৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰ সংশোধনৰ বাবে আৰ পি আই দলে ইতিমধ্যে প্ৰধান মন্ত্ৰীক অৱগত কৰা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, বৰপেটা লোকসভা সমষ্টিৰ ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া (এ) দলৰ প্ৰাৰ্থী ৰেজাউল কৰিমৰ সমৰ্থনত আজি কেন্দ্ৰীয় মন্ত্ৰী গৰাকী বৰপেটা চহৰত উপস্থিত হয়। সংবাদমেলত তেওঁ দলটোৱে লোকসভা নিৰ্বাচনত অসমৰ ৩খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি সদৰী কৰে।

ইয়াৰে অন্তত দুখন আসন দখল কৰাৰ বাবে দলটোৱে চেষ্টা চলোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বৰপেটা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী ৰেজাউল কৰিমক ৰাইজে জয়ী কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে সংবাদমেলৰ পিছতে মন্দিয়াত দলটোৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব লগা আছিল যদিও মন্ত্ৰীগৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে সেয়া বাতিল কৰা হয়।