• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নিৰ্বাচনমুখী প্ৰতিশ্ৰুতিৰে আকৌ এবাৰ কেন্দ্ৰই পণবন্দী কৰিব খুজিছে নেকি অসমীয়াক?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
January 3, 2019 6:49 pm
unioncabinet-1466006871
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত লৈছে।এই সমতিতিখনে ৰাজ্যখনৰ বিধানসভাকে ধৰি স্থানীয় নিকায়সমূহত অসমৰ খিলঞ্জীয়া লোকৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত পৰ্যালোচনা কৰিব।তদুপৰি, অসমৰ খিলঞ্জীয়া ভাষা-সংস্কৃতি, ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণৰ বিষয়েও সমিতিখনে পৰ্যালোচনা কৰিব। সমিতিখনে বড়ো চুক্তিৰ সন্দৰ্ভতো পৰ্যালোচনা কৰিব।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়নৰ বাবে হঠাতে তৎপৰ হৈ পৰা বিষয়টোৱে ৰাজনৈতিক মহলত চাঞ্চাল্যৰ সৃষ্টি কৰিছে। লগতে অসমৰ বিভিন্ন দল-সংগঠন তথা সচেতন মহলেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিষয়টোৱে অসমবাসীৰ বাবে সুখৱৰ কঢ়িয়াই অনা বুলি বিজেপি তথা ইয়াৰ সহযোগী দলবোৰে ৰাইজক পতিয়ন নিয়াবৰ চেষ্টা কৰাত আচৰিত হ’বলগীয়া নাই। অৱশ্যে বিষয়টোৰ উত্থাপনে অসমৰ জাতীয় সংগঠনবোৰে দীৰ্ঘদিন ধৰি দাবী কৰি অহা অসম চুক্তিৰ মূল প্ৰসংগটোক সাঙুৰি লোৱাত স্বাভাৱিকতে বিষয়টোৱে গুৰুত্ব লাভ কৰিছে।

শেহতীয়াভাৱে, অসমত এনআৰচি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কে অসমবাসীক ব্যস্ত ৰখাৰ মাজতে লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে হঠাতে খিলঞ্জীয়াৰ ৰক্ষা কৱচৰ বিষয়টো উত্থাপন কৰি ৰাজনৈতিক লক্ষ্য পূৰণৰ কৌশল অৱলম্বন কৰা নাইতো?

অসমৰ ৰাইজৰ সন্দেহ স্বাভাৱিকতে উপজিব।কিয়নো উচ্চতম ন্যায়ালয়ৰ সুক্ষ্ম নিৰীক্ষণত চলি থকা এনআৰচি উন্নীতকৰণত চৰকাৰৰ ভূমিকা প্ৰায় শূন্য। কিন্তু এনআৰচিত সন্তুষ্টি লাভ কৰা অসমীয়াক বুকুত কামোৰ মাৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে অসমীয়াৰ স্বাভিমানক পদাঘাত কৰিছে। সমগ্ৰ অসম এই বিধেয়কৰ বিৰুদ্ধে মাৰবান্ধি ৰাজপথলৈ ওলাই অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ আবেগক অকনো গুৰুত্ব নিদিয়াটো অত্যন্ত পৰিতাপৰ কথা।

কেবল ৰাজনৈতিক স্বাৰ্থতে দুমুখীয়া নীতি গ্ৰহণ কৰা কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে হঠাতে তৎপৰতা প্ৰদৰ্শন কৰাটোক আদৰণি জনাইয়ো ইয়াৰ প্ৰতি চৰকাৰখনৰ দায়বদ্ধতা সম্পৰ্কে সন্দেহ থাকি যায়। কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকাল শেষ হোৱালৈকে এনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাখি থোৱাটো দেখদেখকৈ ৰাজনৈতিক সিদ্ধান্তই নহয়, লগতে ই নিৰ্বাচনমুখী প্ৰতিশ্ৰুতিৰ নামান্তৰ মাথোঁ।

বিগত প্ৰায় পাঁচটা বছৰে অসমৰ মানুহক ৰাজপথত ব্যস্ত ৰাখি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ মূল সমস্যাসমূহক আওকান কৰিলে। অসমীয়াৰ আবেগক বন্ধকত ৰাখি এনআৰচি আৰু নাগৰিকত্ব বিধেয়কৰ নামত জুই জ্বলালে। এতিয়া নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে অসমীয়াৰ আবেগক উতলাই তুলি “উচটাই জোল খোৱাৰ’ পাং পাতিছে।

আনহাতে, কেবিনেটৰ এই সিদ্ধান্তত নতুন কথা বিশেষ নাই। এনেধৰণে সমিতি গঠন কৰি পৰ্যালোচনা কৰা, প্ৰতিবেদন দাখিল কৰা আৰু শেষত গৈ সেইদৰে পৰি থকা ঘটনাৰ উদাহৰণ অলেখ ওলাব।ইয়াক ৰূপায়নৰ বাবে সদিচ্ছা থকা হ’লে ইমানদিনে সংসদত এই সিদ্ধান্ত গৃহীত কৰাই অসমবাসীক সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰিলেহেঁতেন।

সেয়া হ’লে অসমীয়াই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি কৃতজ্ঞ হোৱাৰ লগতে তেওঁলোকৰ ৰাজনৈতিক অভিলাষো পূৰণ কৰাত দায়বদ্ধ থাকিলহেঁতেন।ইয়াৰ বিপৰীতে অসম বিজেপিৰ এগৰাকী প্ৰব্ৰজনকৰী নেতা আৰু দলটোৰ সভাপতিগাৰীকেও বিগত দিনত অসম চুক্তিক লৈ তুচ্ছ-তাচ্ছিল্য কৰি অহাহে দেখা গৈছিল।

কেন্দ্ৰীয় চৰকাৰে বুধবাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ জৰিয়তে তেওঁলোকে দুটা লক্ষ্য সন্মুখত ৰাখিব বিচাৰিছে। ইয়াৰে এটা হ’ল এই সিদ্ধান্তৰ জৰিয়তে অসমৰ জাতীয় আন্দোলনক নেতৃত্ব দি অহা আৰু খিলঞ্জীয়াৰ অস্তিত্বকলৈ সৰৱ হৈ থকা আছুক নিজৰ পক্ষলৈ নিয়া আৰু আনটো হৈছে অসম চুক্তিৰ মূল স্বাক্ষৰকাৰী তথা আন্দোলনপ্ৰসূত আঞ্চলিক ৰাজনৈতিক শক্তি অগপক দুৰ্বল কৰি তোলা।

অগপই ইতিমধ্যে বিজেপিৰ জালত ভৰি দি নিজৰ অস্তিত্বলৈ সংকট নমাই আনিছেই। মাত্ৰ আছুক বশ কৰিব পাৰিলেই বিজেপিয়ে অসমত তেওঁলোকৰ ৰাজনৈতিক যাত্ৰা মসৃন কৰি তুলিব পাৰে। সেয়েহে, বিজেপিয়ে সাংবিধানিক ৰক্ষা কবচৰ মূল বিষয় অসম চুক্তিৰ ৬ নং দফাত হাত দি আছু আৰু অগপৰো ৰক্ষা কবচ নিজৰ হাতলৈ নিব বিচাৰিছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

September 11, 2025 7:46 pm
এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

September 11, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd