NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত ভয়াৱহ কেলেংকাৰী,অসমৰ ‘কোটা’ত নিযুক্তি বহিঃৰাজ্যৰ প্ৰাৰ্থী! হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা ল’বলৈ দাবী ডিৱাইএফআই

January 30, 2025 8:49 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী চি আৰ পি এফ, বি এছ এফ, আই টি বি পি, চি আই এছ এফৰ জোৱানৰ নিযুক্তিত ভয়াবহ কেলেংকাৰী সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে। অসম-অৰুণাচলৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ-পত্ৰ দাখিল কৰি অসমৰ ‘কোটা’ত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু ইয়াৰ  তদন্ত কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়তে এনেদৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পদত ভুৱা তথ্যৰে নিযুক্তি লাভ কৰাটো উদ্বেগৰ বিষয়। ইয়ে ৰাজ্যখনৰ যুৱক-যুৱতীৰ স্বাৰ্থত আঘাত হনাৰ লগতে চাকৰি আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ নামত চলি থকা লাখ লাখ টকাৰ কেলেংকাৰীৰ ঘটনাও উদঙাই দিছে। ডি ৱাই এফ আইয়ে সন্দেহ প্ৰকাশ কৰিছে যে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দল শাসনলৈ অহাৰ পাছত অসমৰ চাকৰিত বহিঃৰাজ্যৰ প্ৰাৰ্থীক মকৰল কৰাৰ এক ষড়যন্ত্ৰ কৰি আহিছে।

যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘নেডা’ৰ দায়িত্ব গ্ৰহণ কৰি অসমৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ স্বাৰ্থ সুৰক্ষাৰ শ্লোগান দি আহিছে সেই সময়তে এনেদৰে অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যৰ স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ লৈ  অসমৰ ‘কোটা’ত চাকৰি লোৱাটো ৰহস্যৰ বিষয়। ডি ৱাই এফ আইয়ে দাবী কৰিছে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাজ্যখনৰ যুৱক-যুৱতীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ব্যৱস্থা লওক।

Related News