দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বইহে সিদ্ধান্ত ল’ব অগপৰ লগত পুনৰ মিত্ৰতা হ’ব নে নহ’ব : হিমন্ত বিশ্ব

অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা বিচাৰি থকাৰ ইংগিত মন্ত্ৰী হিমন্ত বিশ্বৰ ভাষ্যত

Himanta

মন্ত্ৰী হিমন্ত বিশ্বৰ ফাইল ফটো।

অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা বিচাৰি থকাৰ ইংগিত দি মন্ত্ৰী হিমন্ত বিশ্বই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বইহে সিদ্ধান্ত ল’ব অগপৰ লগত পুনৰ মিত্ৰতা হ’ব নে নহ’ব।

১৯ ফেব্ৰুৱাৰিত এটা কাৰ্য্যসূচীত ভাগ লৈ সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে এইবুলি জানিবলৈ দিয়ে যে তেওঁক অগপক পুনৰ মিত্ৰতাৰ বিষয়টো ভাবি চাবলৈ মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে অনুৰোধ কৰিছে।

“পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত আৰু দলটোৰ তিনিজন মন্ত্ৰীৰ পদত্যাগে দুয়োটা দলৰ মাজত দূৰত্ব বঢ়ালে”, হিমন্তই অগপৰ প্ৰতি কঠোৰ মনোভাব প্ৰকাশ কৰি কয়।

মন্ত্ৰীজনে ৰঞ্জিত দাসৰ পূৰ্বৰ এটা মন্তব্যলৈ আঙুলিয়াই আৰু লগতে কয় যে দলৰ সভাপতিৰ স্থিতিয়েই আমাৰো স্থিতি।

দুদিনমান পূৰ্বে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অগপৰ মন্ত্ৰী তিনিজনৰ পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাব।

উল্লেখযোগ্য যে আঞ্চলিক দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি যোৱা ৭ জানুৱাৰিতে বিজেপিৰ সৈতে আঢ়ৈ বছৰীয়া মিত্ৰতা ভংগ কৰিছিল। ইয়াৰ পিছতে চৰকাৰত থকা অগপৰ তিনিজন মন্ত্ৰীয়ে পদত্যাগ পত্ৰও দিয়ে যদিও মুখ্য মন্ত্ৰী সোণোৱালে এতিয়াও ৰাজভৱনলৈ সেই পদত্যাগ পত্ৰকেইখন প্ৰেৰণ কৰা নাই।

ইপিনে এই সন্দৰ্ভত, অৰ্থাৎ পদত্যাগ পত্ৰকেইখন এতিয়াও ৰাজভৱনলৈ প্ৰেৰণ নকৰা প্ৰসংগত সাংবাদিকৰ আগত অগপয়ো  মন্তব্য কৰিছিল যে তেওঁলোক এতিয়া বিজেপিৰ সৈতে নাই, এই সত্যটো বিজেপিয়ে মানি ল’ব লাগে।

“আমাৰ তিনিজন মন্ত্ৰী কেবিনেটত নাই। সেইটোৱে সত্য। আৰু সেই সত্যতাটো মানি লৈ বিজেপিয়ে কাম কৰিলে ভাল হয়।” ২৩ জানুৱাৰিত আঞ্চলিক দলটোৰ বিধায়ক সত্যব্ৰত কলিতাই কয়। দলটোৱে চলিত বিধানসভাৰ অধিৱেশনত বিৰোধীৰ আসন বিচাৰি অধ্যক্ষলৈ পত্ৰও প্ৰেৰণ কৰিছিল।

তৎসত্ত্বেও অগপই পুনৰ মিত্ৰতাৰ বাবে উন্মুখ হৈ আছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলি আছে।