অসমৰ ৮ টা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰৰ; ১ হাজাৰ কোটিৰ পেকেজ ঘোষণা

কেন্দ্ৰই অসমৰ আঠটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ অন্যান্য মন্ত্ৰী তথা সাংসদৰ উপস্থিতিত বৃহস্পতিবাৰে নতুন দিল্লীত এই চুক্তি স্বাক্ষৰিত হয়।

বিৰচা কমাণ্ডো ফ’ৰ্চ, আদিবাসী পিপলছ আৰ্মি, অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মি, কোব্ৰা মিলিটাৰী অফ আছাম আৰু ছাণ্টালি টাইগাৰ ফ’ৰ্চৰ লগতে আন তিনিটা বিদ্ৰোহী গোটৰ সৈতে চুক্তিখন স্বাক্ষৰিত হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এইটো অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। ১,১০০ জনজাতীয় যুৱকে অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। আমি অঞ্চলটোত শান্তি ঘুৰাই অনাৰ চেষ্টা কৰিছো। আমি সকলোকে মূলসুঁতিলৈ উভতি আহিবলৈ অনুৰোধ জনাইছো। তেওঁলোকৰ পুনৰ্সংস্থাপন আৰু অন্যান্য বিষয়বোৰ কেন্দ্ৰ আৰু অসম চৰকাৰে চোৱা-চিতা কৰি আছে।

আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তি। ফটো: টুইটাৰ।

শ্বাহে জানিবলৈ দিয়ে যে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা হ’ব। তেওঁ সম্প্ৰদায়টোৰ উন্নতিৰ বাবে প্ৰায় ১০০০ কোটি টকাৰ পেকেজ আগবঢ়োৱাৰ কথাও সদৰী কৰে। অহা পাঁচ বছৰৰ ভিতৰত এই টকা দিয়া হ’ব।

উল্লেখ্য যে ২০১২ চনত কেন্দ্ৰীয় চৰকাৰে এই সংগঠনবোৰৰ সৈতে যুদ্ধবিৰতিত স্বাক্ষৰ কৰিছিল। কিন্তু পুনৰ্সংস্থাপনকে ধৰি কোনো অৰ্থনৈতিক পেকেজ নথকাৰ বাবে শান্তি চুক্তি সম্পূৰ্ণ হোৱা নাছিল।

আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তি। ফটো: টুইটাৰ।

আদিবাসী সংগঠনকেইটাৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ অন্যতম সৰ্ববৃহৎ ৰাজ্য অসমক ড্ৰাগছ, উগ্ৰপন্থা আৰু বিবাদৰ পৰা মুক্ত কৰিবলৈ সকলো সম্ভৱপৰ প্ৰচেষ্টা চলাই আহিছে।‘’

‘’মোদী চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে, সেয়া নিয়াৰিকৈ পূৰণ কৰাৰ অভিলেখ আছে। আমি উত্তৰ-পূৰ্বাঞ্চলত এতিয়ালৈকে কৰা সকলো চুক্তিৰ ৯৩% প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ যাৰ ফলত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰি আহিছে,’’-শ্বাহে কয়।

আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তি। ফটো: টুইটাৰ।

অমিত শ্বাহে লগতে কয়, ‘’নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গৃহ মন্ত্ৰ্যালয়ে উত্তৰ-পূবৰ শান্তি-সমৃদ্ধিৰ বাবে তিনিটা দিশত কাম কৰি আছে : উত্তৰ-পূবৰ সংস্কৃতিৰ প্ৰচাৰ আৰু বিকাশ,স্থায়ী শান্তিৰ হেতু বিবাদ নিষ্পত্তি কৰা আৰু উত্তৰ-পূবৰ বিকাশ ত্বৰান্বিত কৰি দেশৰ অন্য প্ৰান্তৰ সমতুল্য উন্নয়ন বিকাশ কৰা।‘’

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইটো এটা স্মৰণীয় দিন। এইবাৰ ডিমাচা সংগঠনৰ সৈতে শান্তি চুক্তি কৰিব লাগিব।