যান-বাহনৰ নথি, ড্ৰাইভিং লাইচেন্সৰ ম্যাদ বৃদ্ধি কৰিলে কেন্দ্ৰই; চাওক অন্তিম তাৰিখ কিমান?

Representative-photo.-

প্রতিনিধিত্বমূলক ফটো।

Centre extends validity of vehicle documents: ড্ৰাইভিং লাইচেন্স, বাহন পঞ্জীয়ন প্ৰমানপত্ৰ তথা আন অনুজ্ঞাপত্ৰকে ধৰি বাহনৰ নথিৰ ম্যাদ কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে অহা ৩১ অক্টোবৰলৈ বৃদ্ধি কৰিছে।

দেশৰ বৰ্তমান কোভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

পথ পৰিবহন তথা ঘাইপথ মন্ত্ৰ্যালয়ে আইন বলবৎকাৰী এজেন্সিসমূহক ফিটনেছ, ড্ৰাইভিং লাইচেন্স আৰু পঞ্জীয়নৰ লগত সম্পৰ্কিত নথিকে ধৰি নথিসমূহক অহা ৩১ অক্টোবৰলৈ ইয়াৰ ম্যাদ ধৰিবলৈ নিৰ্দেশ দিছে।

‘’দেশত কোভিড-১৯ প্ৰতিৰোধৰ বাবে চলি থকা শংকাজনক পৰিস্থিতিৰ কথা বিবেচনা কৰি উপৰুক্ত সকলো প্ৰাসংগিক নথিৰ ম্যাদ… যিবোৰৰ ম্যাদ নাই, বা লকডাউনৰ বাবে বৃদ্ধি কৰিব পৰা নাই তথা যাৰ ম্যাদ যোৱা ২০২০ৰ ১ফেব্ৰুৱাৰীত উকলি গৈছে বা ২০২১ৰ ৩১অক্টোবৰত উকলিব, সেই সকলোবোৰকে অহা ৩১ অক্টোবৰ, ২০২১ লৈ ম্যাদ থকা বুলি ধৰিবলৈ পৰামৰ্শ দিয়া হৈছে।‘’

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পথ পৰিবহন মন্ত্ৰ্যালয়ে প্ৰেৰণ কৰা এক পত্ৰত এইদৰে কোৱা হৈছে।

কোভিড-১৯ অতিমাৰী আৰম্ভ হোৱাৰে পৰা চৰকাৰে নিয়মিতভাৱে বাহনৰ নথিৰ ম্যাদ বৃদ্ধি কৰি আহিছে।

চৰকাৰৰ শেহতীয়া নিৰ্দেশনাত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক এই ম্যাদ বৃদ্ধি ৰূপায়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে যাতে নাগৰিক তথা পৰিবহন ব্যৱসায়ীসকলে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগা নহয়।

মন্ত্ৰ্যালয় জানিবলৈ দিয়ে যে এই নিৰ্দেশনাই যিসকল নাগৰিকে কোভিড-১৯ৰ বিধি অনুসৰণ কৰাৰ বাবে তেওঁলোকৰ নথিসমূহ নবীকৰণ কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছিল তেওঁলোকক পৰিবহনৰ লগত জড়িত সেৱাৰ সুবিধা লাভত সহায় কৰিব।