ফেচবুক-ইনষ্টা ব্যৱহাৰ কৰিব বিচাৰিলে এইবাৰৰ পৰা পিতৃ-মাতৃৰ পৰা অনুমতি ল’ব লাগিব। ১৮ বছৰৰ তলৰ নাবালকসকলে ছ’চিয়েল মিডিয়া একাউণ্ট খোলাৰ ক্ষেত্ৰত একেধৰণৰ নিয়ম প্ৰৱৰ্তন কৰিব পাৰে কেন্দ্ৰই। এই সন্দৰ্ভত ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩ৰ খচৰাত প্ৰস্তাৱ কৰা হৈছে।
শুকুৰবাৰে এই খচৰা প্ৰকাশ কৰে মোডী চৰকাৰে। তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই প্ৰস্তাৱ সন্দৰ্ভত নাগৰিকৰ মতামত বিচাৰিছে। ইতিমধ্যে অষ্ট্ৰেলিয়াই ১৬ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
ডিজিটেল পাৰ্চনেল ইনফৰ্মেশ্যন প্ৰটেকচন এক্ট, ২০২৩ৰ খচৰাত নাবালকসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। সৰুৰে পৰা ব্যক্তিগত তথ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে কেন্দ্ৰই। ফলত অভিভাৱকৰ অনুমতি অবিহনে ১৮ বছৰৰ তলৰ কোনোৱে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিব নোৱাৰিব।
এই ক্ষেত্ৰত সুবিধা-অসুবিধা সম্পৰ্কে সাধাৰণ জনতাৰ পৰা মতামত বিচৰা হৈছে। চৰকাৰী ৱেবছাইট MyGov.in ত সকলোৱে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব। অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ মতামত প্ৰকাশৰ সুযোগ থাকিব।
যদি কোনো নাবালকৰ ব্যক্তিগত তথ্য ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হয়, তেন্তে ব্যৱহাৰকাৰীয়ে সংশ্লিষ্ট সংস্থাক সেই তথ্য মচি পেলাবলৈ অনুৰোধ কৰিব পাৰে। কৈফিয়তো বিচাৰিব পাৰে। খচৰাত এনে প্ৰস্তাৱ দিয়া হৈছে। আনকি, ব্যক্তিগত তথ্য কোনো ধৰণে ফাদিল হ’লে সংশ্লিষ্ট প্লেটফৰ্মৰ পৰা ২৫০ কোটি টকাৰ জৰিমনাও বিচাৰিব পাৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে। ইয়াৰ উপৰিও তথ্য বিনিময়ৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ কথা কোৱা হৈছে।
ছচিয়েল মিডিয়াত যাতে কাৰো ব্যক্তিগত তথ্য ফাদিল নহয় তাৰ বাবে ব’ৰ্ড গঠন কৰা হ’ব বুলিও খচৰা আইনত উল্লেখ আছে। ডাটা লিকেজ কাণ্ডৰ তদন্ত কৰি জৰিমনা বিহাৰ পৰিমাণ নিৰ্ণয় কৰিব উক্ত ব’ৰ্ডে। কিন্তু সকলো জনমতৰ ওপৰত নিৰ্ভৰ কৰিব। সেইবোৰ বিবেচনা কৰিহে মোডী চৰকাৰে আইনখনৰ খচৰা চূড়ান্ত কৰিব।