NORTHEAST NOW (Assamese)

অসমৰ ৭৮টা পথ, ১৪খন দলং :  অসমৰ বাবে কেন্দ্ৰই অনুমোদন দিলে ৩৭৮.৬৮ কোটি টকা

July 12, 2024 9:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 12, 2024 8:56 pm

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক বৃহৎ আন্তঃগাঁথনি উন্নীতকৰণৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসমত ৫৬৩.৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮টা পথ, আৰু ১৪খন দলং অনুমোদন জনাইছে কেন্দ্ৰই।

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য যাতায়ত শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অসমৰ বাবে ৫৬৩.৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮টা পথ আৰু ১৪খন দলং অনুমোদন জনাইছে।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই) – তৃতীয়ৰ অধীনত আনুমানিক ৩৭৮.৬৮ কোটি টকাৰ বিনিয়োগেৰে পথ আৰু দলং নিৰ্মাণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

এই পদক্ষেপে স্বাস্থ্যসেৱা, শিক্ষা আৰু বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্নত কৰিব। ইয়াৰ উপৰিও ই গ্ৰাম্য অঞ্চলত যাতায়ত সুচল কৰিব, দূৰৱৰ্তী গাঁও আৰু নগৰৰ মাজৰ ব্যৱধান দূৰ কৰিব।

Related News