• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্দুকৰ ছাঁত অন্তহীন আলোচনা অগ্ৰহণযোগ্য, ৩১ অক্তোবৰ শেষ সীমা: নাগা চুক্তিক লৈ ৰৱি

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
October 19, 2019 9:13 pm
modi-ravi RN Ravi calls on Modi over Naga peace talks

নতুন দিল্লীত প্ৰধান মন্ত্ৰী মোদী আৰু ৰাজ্যপাল ৰৱিৰ বৈঠকৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰাজ্যপাল আৰ এন ৰৱিয়ে কৈছে যে প্ৰক্ৰিয়াটো অন্তহীন হ’ব নোৱাৰে আৰু ৩১ অক্তোবৰৰ ভিতৰত কেন্দ্ৰই চূড়ান্ত চুক্তি সম্পন্ন কৰিব।

চূড়ান্ত সমাধানক লৈ এন এছ চি এন (আই এম)কে ধৰি একাংশ নাগা পক্ষৰ শেহতীয়া আশংকা একাষৰীয়া কৰি ৰাজ্যপাল ৰৱিয়ে নিৰ্ধাৰিত সময়তে ইয়াৰ অন্ত পেলোৱাৰ কথা কৈছে।

“বন্দুকৰ ছাঁত অন্তহীন আলোচনা গ্ৰহণযোগ্য নহয়,” চূড়ান্ত চুক্তি সাজু হোৱা বুলি সদৰী কৰি কহিমাত এক বৈঠকত শুকুৰবাৰে ৰৱিৰ মন্তব্য।

ৰৱিয়ে লগতে কয় যে দুয়ো পক্ষই সহমত প্ৰকাশ কৰা এক খচৰা সামগ্ৰিক চুক্তি যুগুত কৰা হৈছে আৰু ই সকলো বিষয় সামৰি লৈছে।

কহিমাত বিভিন্ন নাগা পক্ষৰ সৈতে বৈঠকখনৰ পিছতে বিষয়টো সন্দৰ্ভত ৰৱিয়ে এক আনুষ্ঠানিক বিবৃতিও জাৰি কৰিছে।

চূড়ান্ত চুক্তিয়ে সুকীয়া নাগা পতাকা আৰু সংবিধানক স্বীকাৰ কৰিব লাগিব বুলি শেহতীয়াকৈ এন এছ চি এন (আই এম)কে ধৰি একাংশ নাগা দল-সংগঠনে লোৱা স্থিতি কাৰ্য্যতঃ ৰৱিয়ে নাকচ কৰিছে।

তেওঁ কয় যে নাগা জাতীয় পতাকা আৰু সংবিধানক লৈ ভাৰত চৰকাৰৰ স্থিতি সম্পৰ্কে এন এছ চি এন (আই এম) “সম্পূৰ্ণৰূপে অৱগত” হোৱাৰ পিছতো এই বিষয়টো উত্থাপনেৰে তেওঁলোকে প্ৰক্ৰিয়াটোত বিলম্ব ঘটাব খুজিছে।

“দুৰ্ভাগ্যজনকভাৱে এই অনুকূল সন্ধিক্ষণত সুকীয়া নাগা জাতীয় পতাকা আৰু সংবিধানৰ বিতৰ্কিত প্ৰতীকী বিষয়টো উত্থাপন কৰি এন এছ চি এন (আই এম)এ সমাধানটোত দেৰি লগাব পৰা এক বিলম্বকাৰী মনোবৃত্তি গ্ৰহণ কৰিছে,” ৰৱিয়ে কয়।

তেওঁ কয় যে ভাৰত চৰকাৰৰ সৈতে ইতিমধ্যে সন্মত হোৱা বিষয়সমূহৰ সৈতে উদ্ভট ধাৰণা আৰু পূৰ্ব ধাৰণা যোগ কৰি এন এছ চি এন (আই এম) নেতাসকলে ৰাইজক বিপথে পৰিচালিত কৰিছে।

ৰৱিয়ে এন এছ চি এন (আই এম)ৰ “দুৰ্ভাগ্যজনক মনোবৃত্তি” সদৰী কৰা বৈঠকখনত ১৪টা নাগা গোষ্ঠীৰ নেতৃত্ব, সকলো সংখ্যালঘু নাগা গোষ্ঠীৰ নেতৃত্ব, নাগালেণ্ড গাওঁবুঢ়া ফেদাৰে’চন, নাগালেণ্ড ট্ৰাইবছ কাউন্সিল, গীৰ্জা নেতৃত্ব আৰু আন নাগৰিক সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল।

খবৰ মতে, এন এছ চি এন (আই এম)ৰ সৈতে স্বাক্ষৰিত ফ্ৰে’মৱৰ্ক এগ্ৰীমেণ্ট আৰু নাগা নেচনেল পলিটিকেল গ্ৰুপৰ সৈতে কেন্দ্ৰ উপনীত হোৱা স্থিতিৰ বিষয়ে বৈঠকত বিস্তাৰিতভাৱে অৱগত কৰা হয়।

ৰৱিৰ কাৰ্য্যালয়ে জাৰি কৰা বিবৃতিমতে, বৈঠকত সকলো প্ৰাসংগিক বিষয় আলোচনা কৰা হৈছে আৰু সকলো আশংকা সন্দৰ্ভত স্পষ্টীকৰণ দিয়া হৈছে।

বিবৃতিটো মতে, মধ্যস্থতাকাৰীজনৰ সৈতে চুক্তি প্ৰস্তুতিত সকলো নাগা সশস্ত্ৰ গোট জৰিত হৈ আছে। এন এন পি জিৰ সৈতে সাতটা নাগা সশস্ত্ৰ গোট যুক্ত হৈ আছে।

আলোচনাটোৰ সীমা সম্পৰ্কে এন এন পি জিৰ সৈতে ২০১৭ চনৰ ১৭ নৱেম্বৰত কেন্দ্ৰ সহমতত উপনীত হৈছিল।

প্ৰক্ৰিয়াটোত নাগালেণ্ডৰ লগতে চুবুৰীয়া অসমকে ধৰি মণিপুৰ আৰু অৰুণাচল প্ৰদেশ জনজাতীয় গোট আৰু নাগৰিক সংগঠনসমূহ আৰু গীৰ্জা নেতৃত্বকো প্ৰাথমিক আংশীদাৰৰূপে ৰখা হৈছে বুলি বিবৃতিত প্ৰকাশ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰৱি শেহতীয়াকৈ নতুন দিল্লীত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল। আৰু নাগা চূড়ান্ত চুক্তিক লৈয়ে বৈঠকখন বহিছিল বুলি বাতৰিত প্ৰকাশ।

নাগালেণ্ডৰ ৰাজ্যপালৰূপে নিযুক্ত হোৱাৰ পিছতে আগষ্টত কহিমাৰ এক ৰাজহুৱা সভাত ৰৱিয়ে কৈছিল যে প্ৰধান মন্ত্ৰী মোদীয়ে তিনিমাহৰ ভিতৰত বিষয়টোৰ সমাধান বিচাৰিছে।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

August 17, 2025 5:52 pm
ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

August 17, 2025 5:52 pm
ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd